NORTHEAST NOW (Assamese)
অসম

বৰ্তি গ’ল চম্পাই ছোৰেনৰ চৰকাৰ, প্ৰমাণ কৰিলে সংখ্যাগৰিষ্ঠতা; পালে কিমান ভোট?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 5, 2024 2:35 pm

আস্থা ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে। তেওঁ লাভ কৰে ৪৭টা ভোট। বিৰোধীয়ে লাভ কৰে ২৯ টা ভোট।

ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ’ল ৮১খন। ইয়াৰ ভিতৰত সংখ্যাগৰিষ্ঠৰ যাদুকৰী সংখ্যা ৪১। অৰ্থাৎ ৪১টা ভোট লাভ কৰিলে চম্পাই ছোৰেনৰ চৰকাৰৰ স্থায়িত্ব নিশ্চিত হ’লহেঁতেন। আস্থা ভোটৰ পিছত নতুন চৰকাৰে আৰু ছয়টা অধিক ভোট লাভ কৰা দেখা গ’ল।

জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ মুঠ ৪৭ গৰাকী বিধায়ক আছে ঝাৰখণ্ডত। ইয়াৰ বাহিৰে আছে বিজেপিৰ ২৫ জন বিধায়ক, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ তিনিজন বিধায়ক আৰু চিপিআই (এমএল)ৰ এজনকৈ বিধায়ক।

লগতে পঢ়কঃ লাভ কৰিলে তিনিটাকৈ গ্ৰেমী বঁটা; অনুষ্ঠানৰ পৰাই আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ গ’ল সংগীতশিল্পীক!

শাসকীয় মিত্ৰজোঁটৰ প্ৰতি চিপিআই (এমএল)ৰ সমৰ্থন আছে। আনহাতে, ঝাৰখণ্ড বিধানসভাত তিনিজন নিৰ্দলীয় বিধায়ক আছে।