NORTHEAST NOW (Assamese)
অসম

গীতিকাৰ ইদ্ৰিছ আলীক “গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা-২০১৮” প্ৰদান কৰিলে মুখ্য মন্ত্ৰীয়ে

Posted by: এন ই নাও নিউজ February 6, 2019 10:04 am
CM-Parvati-Prasad-Baruah-4-750x375

ৰাজ্যৰ এজন স্বনামধন্য কবি, গীতিকাৰ, লেখক, অৱসৰপ্ৰাপ্ত অধ্যাপক ইদ্ৰিছ আলীক ৫ ফেব্ৰুৱাৰিত গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱা বঁটা-২০১৮ প্ৰদান কৰা হয়। ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে প্ৰচলন কৰা বঁটাটো আলীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুখ্য মন্ত্ৰীয় প্ৰদান কৰে। বঁটাত এখন মানপত্ৰৰ লগতে আছে ২ লাখ টকাৰ মাননি।

বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰীয়ে কয় যে যশস্বী গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাই তেওঁৰ অমৰ সৃষ্টিৰাজিৰে অসমীয়া গীতি-সাহিত্য, সংস্কৃতিক আলোকিত কৰি গৈছে। তেওঁৰ এই অমূল্য সৃষ্টিৰাজিক নতুন প্ৰজন্মৰ মাজত জীয়াই ৰখা আৰু এইবোৰক প্ৰেৰণাৰ উৎস কৰি ৰখাটোৱেই বঁটাটো প্ৰচলনৰ আঁৰৰ উদ্দেশ্য।

আনহাতে বঁটা গ্ৰহণ কৰি কবি, গীতিকাৰ, লেখক ইদ্ৰিছ আলীয়ে দিয়া বক্তব্যৰ মাজেৰে নিজৰ আনন্দ প্ৰকাশ কৰে। বঁটাটোৰ জৰিয়তে তেওঁৰ নামটো পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৈতে সম্পৰ্কিত হোৱাটোত গৌৰৱ অনুভৱ কৰা বুলি কয়। ‘‘এদিন যে নিজৰ অতিশয় শ্ৰদ্ধাৰ পাত্ৰ আৰু প্ৰেৰণাৰ উৎস ব্যক্তিজনৰ সৈতে এইদৰে নিজৰ নাম সাঙোৰ খাই পৰিব সেয়া কেতিয়াও ভবা নাছিলো।’’ অভিভূত আলীয়ে নিজৰ বক্তব্যত কয়।

উল্লেখযোগ্য যে পাৰ্বতিপ্ৰসাদ বৰুৱাৰ সৃষ্টিৰ দ্বাৰা অনুপ্ৰাণিত তথা অসমীয়া কথা-সাহিত্য, কাব্য-সাহিত্য আৰু গীতি-সাহিত্য জগতলৈ যথেষ্ট বৰঙনি থকা অধ্যাপক ইদ্ৰিছ আলীৰ ঘৰ মঙলদৈ চহৰৰ সাহিত্য নগৰত। তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা স্বীকৃত গীতিকাৰো।

বঁটা প্ৰদান অনুষ্ঠানটোত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, শক্তি মন্ত্ৰী তপন কুমাৰ গগৈকে ধৰি কেইবাজনো বিশিষ্ট লোক উপস্থিত আছিল।

আনহাতে আলীয়ে দুটা দশকৰো অধিক সময় অধ্যপনা কৰা নগাওঁ গাৰ্লছ কলেজৰ প্ৰাক্তন ছাত্ৰীসকলে তেওঁক সম্বৰ্ধনা জনাই অনুষ্ঠানটো অধিক আকৰ্ষণীয় আৰু আৱেগেৰে উমাল কৰি তোলে।