NORTHEAST NOW (Assamese)
অসম

শৰীৰ চৰ্চা প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা গোলাপ ৰাভাক অভিনন্দন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ October 22, 2018 8:17 pm
0e9f289ed4c2f166b2f06adacfa78bd5

ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে য়ুৰোপৰ লিথুৱানিয়াত আয়োজন কৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত অসমৰ গোলাপ ৰাভাই মিষ্টাৰ ৱৰ্ল্ড, ২০১৮ খিতাপ অৰ্জনেৰে ৰাজ্যৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে।

মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰি কয় যে গোলাপ ৰাভাৰ কৃতিত্বত আজি ৰাজ্যবাসীৰ লগতে দেশবাসীও গৌৰৱান্বিত আৰু উৎফুল্লিত। ৰাভাৰ কৃতিত্বই অসমৰ নৱ প্ৰজন্মক এই ক্ৰীড়া বিধৰ প্ৰতি আৰু অধিক আকৰ্ষিত কৰিব।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণোৱালে আৰু কয় যে ৰাজ্যৰ ক্ৰীড়া প্ৰেক্ষাপটৰ উত্তৰণৰ দিশত ৰাভাৰ সাফল্যই বৃহৎ প্ৰেৰণা যোগাব। তদুপৰি ভৱিষ্যতেও গোলাপ ৰাভাই এনেদৰে অনন্য কৃতিত্বৰে অসমবাসীৰ লগতে দেশবাসীক গৌৰৱান্বিত কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে বকোৰ কলিয়াবৰীৰ নিবাসী গোলাপ ৰাভাই ইয়াৰ পূৰ্বেও ২০১৭ আৰু ১৮ বৰ্ষত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৮ বৰ্ষতে মিষ্টাৰ এছিয়া খিতাপ দখল কৰি অসমবাসীক গৌৰৱান্বিত কৰিছিল।