NORTHEAST NOW (Assamese)

আলফাক ক্ষমা খুজি সাংঘাতিক ভুল কৰিলে মন্ত্ৰী সঞ্জয় কিষাণে : মুখ্যমন্ত্ৰী

May 31, 2022 3:31 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

“আলফাৰ ওচৰত ক্ষমা খুজি মন্ত্ৰী সঞ্জয় কিষাণে সাংঘাতিক ভুল কৰিছে”। মঙলবাৰে কাৰ্বিআংলঙত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ লগতে কয় “সঞ্জয় কিষাণক ইতিমধ্যে স্পষ্টকৈ কোৱা হৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয়তাবাদী দলত এইধৰণৰ কাম কৰাৰ কোনো সুযোগ আৰু সুবিধা নাই”।

ইপিনে, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে মন্ত্ৰী সঞ্জয় কিষাণক সতৰ্ক কৰি দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আৰু ভৱিষ্যতে এই পন্থা নল’বলৈ মন্ত্ৰীগৰাকীক আহ্বান জনায়।

“ভাৰতৰ ৰাষ্ট্ৰীয় একতাৰ বাবে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰি যাবলৈ সঞ্জয় কিষাণক পৰামৰ্শ দিছো”। মুখ্যমন্ত্ৰীয়ে লগতে কয়।

উল্লেখযোগ্য যে, এসপ্তাহ পাৰ হৈ যোৱাৰ পাছতো সঞ্জয় কিষাণক শনিবাৰেহে আলফাক ক্ষমা খোজা ক্ষেত্ৰত কাৰণ দৰ্শোৱাৰ জাৰি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সময় পালে নেকি বুলি প্ৰশ্ন কৰিছিল তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
তেওঁ লগতে কৈছিল “মুখ্যমন্ত্ৰী প্ৰথমে নীৰৱ আছিল এতিয়াহে সাৰ পালে। ফেচবুক নাইবা টুইটাৰত আলফাৰ প্ৰতি অলপ সহানুভূতি দেখুওৱা বহু মানুহক মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে জেইললৈ প্ৰেৰণ কৰিছে। সঞ্জয় কিষাণে আলফাক ক্ষমা কৰি চুড়ান্ত অপৰাধ কৰিছে। তেওঁক বৰ্খাস্ত কৰাই নহয় জেইললৈ প্ৰেৰণ কৰিব লাগে। ফেচবুকত লিখা আৰু মন্ত্ৰী একেই আইনৰ গণ্ডীত পৰে”।

ইয়াৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাইয়ো মুখ্যমন্ত্ৰীয়ে মন্ত্ৰীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল “মন্ত্ৰী সঞ্জয় কিষাণে নিৰাপত্তা বিচাৰি পৰেশ বৰুৱাক পাৱে পৰি হৰি কৰিবলগীয়া হৈছে। মন্ত্ৰীক মুখ্যমন্ত্ৰী যে অধিক শক্তিশালী সেয়া শ্ব’কজ কৰি বুজাবলগীয়া হৈছে”।

Related News