NORTHEAST NOW (Assamese)

তামুলপুৰত প্ৰয়াত বিধায়ক লেহো ৰাম বড়োৰ বাসভৱনত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

June 13, 2021 8:49 pm · দীপক কুমাৰ পাঠক

বাক্সা জিলাৰ তামুলপুৰত আজি আবেলি উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ হেলিকপ্টাৰেৰে আহি তামুলপুৰত উপস্থিত মুখ্যমন্ত্ৰীগৰাকী।

তামুলপুৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী গৰাকী পোনে পোনে গৈ উপস্থিত হয় তামুলপুৰৰ প্ৰয়াত বিধায়ক লেহো ৰাম বড়োৰ গৃহত।

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়াত বিধায়ক লেহো ৰাম বড়োৰ দুই পুত্ৰ আৰু পৰিয়ালৰ সদস্য সকলৰ খা-খবৰ লয়।

প্ৰয়াত বিধায়ক গৰাকীৰ দুই পুত্ৰ ক্ৰমে পিয়ুজকান্তি বড়ো আৰু হিৰকজ্যোতি বড়োৰ সৈতে মুখ্যমন্ত্ৰীয়ে অন্তৰংগ ভাবে কথা পাতে।

উল্লেখযোগ্য যে যোৱা ২৭ মে’ত কোভিডত আক্ৰান্ত হোৱাত লেহো ৰাম বড়োক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল আৰু যোৱা ২৯ মেত ষ্ট্ৰোক হৈ মৃত্যু হৈছিল বিধায়ক লেহো ৰাম বড়োৰ।

তামুলপুৰত উপস্থিত হৈ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
আজি তামুলপুৰ ভ্ৰমণত মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

Related News