NORTHEAST NOW (Assamese)
অসম

ৰাহুল গান্ধীক অপমান: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত ক’লা চিয়াঁহী নিক্ষেপ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ February 12, 2022 7:38 pm
ৰাহুল গান্ধীক অপমান: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত ক’লা চিয়াঁহী নিক্ষেপ

আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তালহৈ পৰে শিৱসাগৰৰ ৰাজপথ।

যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ নেতৃত্বত এই প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা কংগ্ৰেছে।

উল্লেখ্য যে উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ প্ৰতি যি অপমানসূচক মন্তব্য কৰিলে তাৰেই প্ৰতিবাদত আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে।

প্ৰতিবাদকাৰী কংগ্ৰেছ কৰ্মী সকলে নগৰৰ এএচটিচি তিনিআলিৰ এখন ৰাজহুৱা হৰ্ডিঙত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবিত ক’লা চিয়াঁহী সানি হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দিয়ে।

ইয়াৰ পিছতেই নগৰৰ দ’লমুখ চাৰিআলিত মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।