NORTHEAST NOW (Assamese)
Popular Stories

ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা সম্পন্ন; সাংবাদিকৰ ত্যাগক শলাগ মুখ্যমন্ত্ৰীৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 2, 2020 2:51 pm
সাংবাদিকৰ ত্যাগক শলাগ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ সৈতে ইলেকট্ৰনিক মেডিয়া আৰু প্ৰিন্ট মেডিয়াৰ সম্পাদকসকলৰ লগত আলোচনা অুনষ্ঠিত হৈছিল। খানাপাৰস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত হৈছিল এই আলোচনা।

‘আজিৰ এই আলোচনাত সম্পাদকসকলে বহু পৰামৰ্শ দিয়ে। আমি ধৈৰ্য সহকাৰে তেওঁলোকৰ পৰামৰ্শ শুনিছো। বানপানী আহিবই কিন্তু কেনেকৈ মোকাবিলা কৰিব সেই সম্পৰ্কত আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে কৈছে। পেপাৰ, আলোচনীলৈ বেয়া অৱস্থা নামি আহিছে বুলি অৱগত কৰিছে।’ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকৰ আগত কয়।

সকলোৱে টিম আসাম হৈ কাম কৰিব লাগিব। সংবাদ মাধ্যম হৈছে সমাজৰ বিবেক। সাংবাদিক সকলে এই যুঁজত অশেষ কষ্ট স্বীকাৰ কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘উপাৰ্জন বাঢ়িব স্বাভাৱিকতে। আমাৰ দৃঢ় বিশ্বাস আছে কৃষি ক্ষেত্ৰৰ উৎপাদন বাঢ়িব। ৰাজ্যৰ কৃষিক্ষেত্ৰৰ কাম আৰম্ভ হৈছে।’

‘অতি নিষ্ঠাৰে লকডাউন জনসাধাৰণে মানি চলিব সুন্দৰকৈ। পূৰ্বতেও মানি চলিছিল। কিছু শিথিলতা আহিছে যদিও সামাজিক ব্যৱধান মূল কথা।’ মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘এটা task force গঠন কৰা হৈছে জি পি সিঙৰ নেতৃত্বত। দিনে নিশাই সুন্দৰ পৰিকল্পনা প্ৰস্তুত কৰি আছে। ইচ্ছা কৰা আবদ্ধ শ্ৰমিক, ছাত্ৰ-ছাত্ৰী, ৰোগী, পৰ্যটক আহিব পাৰিব। বিজ্ঞানসন্মতভাৱে পৰ্যায়ক্ৰমে বিবেচনা কৰি অনাৰ ব্যৱস্থা কৰা হ’ব।’

আজিৰ আলোচনাত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কেশৱ মহন্ত, অতুল বৰা উপস্থিত আছিল।