NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাতংক : মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 6, 2020 9:52 pm
CM in Isolation Ward Maorgaon 2

মৰিগাঁও জিলাত ক‍’ৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত এক বৈঠকত মিলিত হয়।

বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে মুখ্য মন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে সেৱা আগবঢ়াই আহিছে, সেয়ে এই লোকসকলক আমি উৎসাহ যোগাব লাগিব।

ইয়াৰ উপৰি বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়।

অত্যাৱশ্যকীয় সামগ্ৰী সমূহ যাতে জনসাধাৰণে লাভ কৰি থাকে আৰু কোনো ব্যৱসায়ীয়ে যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে.

মুখ্য মন্ত্ৰীৰ উপৰি এই বৈঠকত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকা্ত দেউৰী, উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।