NORTHEAST NOW (Assamese)
Popular Stories

সৰিয়হৰ ডলিতে ভূত : দূৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা আপৰ নেতা জড়িত SCERT ৰ বৃহৎ কেলেংকাৰীত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 31, 2023 2:58 pm

SCERT ৰ বৃহৎ কেলেংকাৰীৰ লগত নাম সাঙোৰ খাইছে ইজনৰ পিছত সিজনকৈ লোকৰ। ১০৫ কোটি টকাৰ এই বৃহৎ কেলেংকাৰীটোৰ লগত এইবাৰ নাম সাঙুৰ খাই পৰিছে বিদ্যুৎ কলিতা নামৰ এগৰাকী আম আদমী পাৰ্টিৰ নেতাৰ। কেলেংকাৰীৰ ৫০ লাখ টকা আত্মসাৎ কৰাত অভিযোগ উত্থাপন হৈছে আপৰ নেতাগৰাকীৰ বিৰুদ্ধে।

বুধবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি আপৰ নেতাগৰাকীক ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই চমন জাৰি কৰিছে। 

জানিব পৰা মতে আপৰ নেতা বিদ্যুৎ কলিতা মিৰ্জাৰ বাসিন্দা। এই কেলেংকাৰীত জড়িত বিদ্যুতে গ্ৰেপ্তাৰৰ আশংকাত পলায়ন কৰি আছিল বুলি চৰ্চালৈ আহিছে।

ইফালে এখন পত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীয়ে চমন জাননী তেওঁৰ বাসগৃহলৈ প্ৰেৰণ কৰাৰ সময়ত তেওঁ চহৰৰ বাহিৰত থকাৰ কথা উল্লেখ কৰি দুদিনৰ সময় বৃদ্ধিৰ বাবে অনুৰোধ জনাইছিল।

উল্লেখযোগ্য যে মঙলবাৰে এই কেলেংকাৰীৰ সৈতে জড়িত দুজন সাংবাদিক আৰু দুজন আৰ টি আই কৰ্মীকে ধৰি চাৰিজন লোকক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোকসকল হৈছে পেছাত সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকা আৰু পূজামণি দাস আৰু আৰ টি আই কৰ্মী অনুপ শইকীয়া আৰু ৰবিজিৎ গগৈ।