NORTHEAST NOW (Assamese)
অসম

নাও আৰু ফেৰীত যাত্ৰা কৰা লোকে সুৰক্ষামূলক জেকেট পিন্ধাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 8:52 pm
Story-6-7-1140x570

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বনপানী, ধুমুহা, বজ্ৰপাত, নদীৰ জলস্তৰ বৃদ্ধি আদি সংক্ৰান্তত জনগণক আগতীয়াকৈ সাৱধান কৰি দিয়াৰ বাবে দুৰ্যোগৰ আগজাননী প্ৰদান ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তোলাৰ বাবে আজি অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে।

জনতা ভৱনস্থিত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যালয় আৰু ৰীজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰ পৰিদৰ্শন কৰি যুদ্ধকালীন তৎপৰতাৰে কাম কৰাৰ বাবে বিষয়া-কৰ্মচাৰীক আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে নাও আৰু ফেৰীত যাতায়াত কৰা লোকসকলৰ বাবে সুৰক্ষামূলক জেকেট পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়ে যাতে বাৰিষাকালত কোনোধৰণৰ অপ্ৰত্যাশিত ঘটনা সংঘটিত হ’ব নোৱাৰে।

ইয়াৰ বাবে পঞ্চায়ত পৰ্যায়ত সামগ্ৰী যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

আনহাতে বানপানীৰ বাবে স্থাপন কৰা সাহায্য শিবিৰ সমূহত যাতে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখে সেই সন্দৰ্ভত যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনায়।

আজিৰ এই বৈঠকত বিধায়ক মৃণাল শইকীয়া, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, অতিৰিক্ত মুখ্য সচিবৰ লগতে বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।