NORTHEAST NOW (Assamese)
Popular Stories

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 27, 2025 4:38 pm
আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ অসম কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা। প্ৰাপ্তবয়স্ক ব্যক্তিসকলে বৰ্তমান আধাৰ লোৱাৰ প্ৰয়োজন নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে। এতিয়া আধাৰ দিব লাগে কেৱল শিশুক।

মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া এটা নিয়ম অনা হব যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তইহে দিব পাৰিব। আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ কাৰ্ড দিব নোৱাৰিব।

আগতে আধাৰ কাৰ্ড আধাৰ কেন্দ্ৰত লাভ কৰিব পাৰিছিল বা এছডিচি অফিচত পাইছিল, কিন্তু এতিয়া জিলা আয়ুক্তই নিজেই নোচোৱালৈকে আধাৰ কাৰ্ড পোৱাৰ ৰাস্তা বন্ধ হৈ যাব। নতুন বিদেশী মানুহে যাতে আধাৰ নাপায়, তাৰ বাবে এয়া এক ডাঙৰ ব্যৱস্থা হব বুলি আশ ব্যক্ত কৰা হৈছে।

আগন্তুক কেবিনেটত আধাৰক লৈ আনুষ্ঠানিক সিদ্ধান্ত লোৱা হব বুলি সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।