NORTHEAST NOW (Assamese)
অসম

ট্ৰাম্পৰ প্ৰচাৰকে ধৰি বিভিন্ন সমালোচনাৰ সন্মুখীন হৈ চিএনএনৰ মুৰব্বী ক্ৰিছ লিচৰ পদত্যাগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 8, 2023 5:34 pm

আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)ৰ পদ এৰিছে ক্ৰিছ লিচে। নিউজ নেটৱৰ্কৰ মূল প্ৰতিষ্ঠান ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰীয়ে বুধবাৰে ঘোষণা কৰে যে ক্ৰীছৰ পদত্যাগ অবিলম্বে কাৰ্যকৰী হ’ব।

মালিকানা কোম্পানীটোৱে সদ্যহতে চিএনএনৰ নেতৃত্ব দিবলৈ এটা অন্তৱৰ্তীকালীন দল নিযুক্তি দিছে। মিডিয়াৰ কাৰ্যবাহী ভাইচ প্ৰেইডেন্ট এমি এণ্টেলিছ, ভাৰ্জিনিয়া ম’জেলি, এৰিক শ্বাৰলিং আৰু মুখ্য পৰিচালন বিষয়া ডেভিদ লেভিয়ে এতিয়া অন্তৱৰ্তীকালীনভাৱে  চিএনএনৰ নেতৃত্ব দিব।

লগতে পঢ়ক: গুৱাহাটীত দুৰ্ঘটনাত ছাত্ৰীৰ মৃত্যু: দোষ নাই স্কুল বাছ চালকৰ! দুৰ্ঘটনাৰ বাবে দোষী হ’ব চৰকাৰ?

যোৱা বছৰ চিএনএনৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল ক্ৰিছ লিচে। মাত্ৰ ১৩ মাহহে তেওঁ এই পদত আছিল। তেওঁৰ কাৰ্যকালত সম্পাদকীয় সিদ্ধান্ত, চাকৰিৰ পৰা কৰ্মী বৰ্খাস্ত, কৰ্মচাৰীৰ অসন্তুষ্টি, ৰেটিং হ্ৰাস, লভ্যাংশ হ্ৰাস আদি বিভিন্ন কাৰণত তেওঁক বহুলভাৱে সমালোচনা কৰা হৈছিল।

শেহতীয়াকৈ চিএনএনে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে টাউন হলত এক সাক্ষাৎকাৰ প্ৰচাৰ কৰিছিল। সাক্ষাৎকাৰটো প্ৰচাৰ হোৱাৰ পিছতে চিএনএনৰ ৰেটিং যথেষ্ট হ্ৰাস পায়।

২ জুনত আমেৰিকাৰ আলোচনী “দ্য আটলাণ্টিক”ত ক্ৰিছক সমালোচনা কৰি এটা দীঘলীয়া প্ৰবন্ধ প্ৰকাশ পাইছিল। এই লেখাটোত ট্ৰাম্পৰ সাক্ষাৎকাৰ চিএনএনত প্ৰচাৰৰ ধৰণকো সমালোচনা কৰা হৈছিল। অৱশেষত ব্যাপক সমালোচনাৰ সন্মুখীন হৈ ক্ৰিছে পদত্যাগ কৰিবলগীয়া হ’ল।

লগতে পঢ়ক: ৰেগিঙৰ বিৰোধিতা কৰাৰ বাবে গুৱাহাটীৰ বিদ্যালয়ৰ জ্যেষ্ঠ ছাত্ৰৰ দলে প্ৰহাৰ কৰিলে ছাত্ৰৰ পিতৃক!

চিএনএনৰ মালিকানা প্ৰতিষ্ঠান ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰীৰ প্ৰেছিডেন্ট তথা মুখ্য কাৰ্যবাহী বিষয়া ডেভিদ জাছলাভে কয় যে তেওঁ ক্ৰিছৰ প্ৰতি ব্যক্তিগত আৰু পেছাগত দুয়োটা দিশতে অতিশয় সন্মান ৰাখে। ক্ৰিছে চিএনএনৰ নেতৃত্ব দিয়াৰ কঠিন কামটো হাতত ল’বলৈ নিজৰ মন-প্ৰাণ সপি দিছিল।