NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটা বজাৰত ক’ল ইণ্ডিয়াৰ শীতল খোৱাপানী যোগান প্ৰকল্প

August 25, 2019 9:34 pm · মানস প্ৰতিম গগৈ
দেওবাৰে খোৱাপানী যোগান প্ৰকল্প উদ্বোধনৰ ছবি। নৰ্থইষ্ট নাও।

মাৰ্ঘেৰিটাৰ ল’ৱাৰ মাৰ্কেটত দেওবাৰে ক’ল ইণ্ডিয়াৰ শীতল খোৱাপানী যোগান প্ৰকল্প এটা মুকলি কৰা হয়।

বজাৰখনৰ ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খোৱাপানীৰ সমস্যাটো এই প্ৰকল্পই দূৰ কৰিব বুলি আশা কৰা হৈছে।

ক’ল ইণ্ডিয়াৰ কৰ্পৰে’ট চ’চিয়েল ৰেছপনছিবিলিটি পুঁজিৰে নিৰ্মিত প্ৰকল্পটোত মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই।

“প্ৰকল্পটোৱে বজাৰখনৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰিলে,” শৰ্মাৰ মন্তব্য।

অনুষ্ঠানটোত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধক যুগল কুমাৰ বৰা আৰু মহকুমাধিপতি সুমিত সত্তাৱনো উপস্থিত আছিল।

মাৰোৱাৰী যুৱ মঞ্চই নিৰ্মাণ সম্পূৰ্ণ কৰা এই পানী বিশুদ্ধকৰণ প্ৰকল্পটো আৰ অ’ (Reverse Osmosis) প্ৰযুক্তিযুক্ত।

উদ্বোধক বিধায়ক শৰ্মাই প্ৰকল্পটোৰ বাবে ক’ল ইণ্ডিয়াক ধন্যবাদ জ্ঞাপন কৰে।

মহাপ্ৰবন্ধক বৰাই নগৰখনৰ অন্যান্য অঞ্চলতো চি এছ আৰ পুঁজিৰ অধীনত এনে খোৱাপানী প্ৰকল্প স্থাপনৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Related News