NORTHEAST NOW (Assamese)
অসম

উজনি অসমৰ ডিমৌত মাঘী উৎসৱত ‘নিষিদ্ধ’ কুকুৰা যুঁজ আৰু বাজি

Posted by: এন ই নাও নিউজ January 16, 2019 4:55 pm

গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ নিষিদ্ধ কৰা কুঁকুৰা যুঁজ ডিমৌত আজি পৰম্পৰা ৰক্ষা কৰি চলি থকা দেখা গৈছে। মাঘ বিহু উপলক্ষে ডিমৌৰ দাঁতি কাষৰীয়া অঞ্চল কাছমাৰিত আজিৰ পৰা তিনিদিনীয়াকৈ এক বৃহৎ মেলাৰ আয়োজন কৰে স্থানীয় লোকসকলে, যিটো আগৰ বছৰবোৰৰ ব্যতিক্ৰম নহয়।

মাঘীমেলা নামেৰে পৰিচিত এই উৎসৱস্থলীত বৃহৎ সংখ্যক লোকৰ সমাগম হয় আৰু নানা তৰহৰ বয়বস্তুৰ কিনা-বেচাৰ লগতে কুকুৰা যুঁজ অনুষ্ঠিত হয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই।

প্ৰসংগক্ৰমে ক’ব পাৰি, কুকুৰা যুঁজাই বিশেষকৈ ওচৰৰ-পাঁজৰৰ চাহ বাগানৰ লোকসকলে। তেওঁলোকে প্ৰায় এমাহ-দুমাহৰ আগৰ পৰা গাঁৱে গাঁৱে গৈ যুঁজৰ বাবে উপযুক্তভাৱে খঙাল আৰু শক্তিশালী মতা কুকুৰা বিচাৰি আনি ৰাখে।

উল্লেখযোগ্য যে মাঘবিহুত অসমৰ লোক সমাজে ম’হ যুঁজ, কুকুৰা যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত কৰি আহিছে শ শ বছৰীয়া পৰম্পৰা হিচাপে। কিন্তু শেহতীয়াকৈ ন্যায়ালয়ে ইয়াক জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা আখ্যা দি এইবোৰ বন্ধ কৰিছে, যদিও ম’হ বলি, হাঁহ-কুকুৰা, পাৰ বলি বন্ধ কৰা নাই।

গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবছৰ মানৰ পূৰ্বে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ বন্ধ কৰাৰ পৰিৱৰ্তে যোৱা বছৰৰ পৰা কুকুৰা যুঁজ বন্ধ কৰিছিল।

কিন্তু আমাৰ লোকসমাজ এই সম্পৰ্কত ইমানখিনি অৱগত হ’ব পৰাকৈ সজাগ নোহোৱা বাবেই হওক বা লোক পৰম্পৰাক অন্ধ অনুকৰণ কৰা স্বভাৱৰ বাবেই এইবোৰ খেল এতিয়াও অ’ত-ত’ত চলি আছে।

মন কৰিব লগীয়া কথাটো হ’ল এই কুকুৰা যুঁজক আলম কৰি টকা-পইচাৰ বাজিও ধৰা হয়। যুঁজত অংশ লোৱা কুকুৰাকেইটাৰ গৰাকীৰ উপৰি দৰ্শকৰ মাজৰ একাংশৰ মাজতো এই বাজি ধৰা-ধৰি চলি থাকে।

যিটো কুকুৰা হাৰে সেইটোৰ ওপৰত বাজি ধৰাজনে বাজিৰ ধন জিকা কুকুৰাটোৰ ওপৰত বাজি ধৰাজনক এৰি দিব লগীয়া হয়।

এইদৰে কম আয়ৰ চাহ শ্ৰমিকসকলৰ মাজৰ বহুতেই একে দিনাই প্ৰচুৰ ধন হেৰুৱাই ঘৰৰ বয়বস্তু পৰ্য্যন্ত বিক্ৰী কৰা দেখা যায়।