NORTHEAST NOW (Assamese)
অসম

শীতত কঁপিছে দিল্লী, কিমান ডিগ্ৰী হ’ল আজি তাপমাত্ৰা?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 2:43 pm
Delhi-winters

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত এতিয়া শীতে ৰুদ্ৰৰূপ ধাৰণ কৰিছে।  শীতপ্ৰৱাহে কোৱাই গৈছে সমগ্ৰ চহৰ খনকে। ৰাজধানী চহৰ খনত আজি সৰ্ব নিম্ন তাপমাত্ৰা হয়গৈ ২.৭ ডিগ্ৰী চেলছিয়াছ।

শীতৰ সমান্তৰাল ভাবে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ চহৰ খনকে।কুঁৱলীৰ বাবে বিভিন্ন ঠাইৰ পৰা একাধিক সৰু-বৰ পথ দুৰ্ঘটনাৰ খবৰ আহিছে।দিল্লীৰ জাফৰপুৰত আজি পুৱা তাপম্াত্ৰা হয়গৈ ২.৭ ডিগ্ৰী চেলছিয়াচ।

বছৰটোৰ ভিতৰত ৰাজধানী চহৰ খনত আজি আজি পুৱাই সৰ্বনিম্ন তাপমাত্ৰা হোৱা পৰিলক্ষিত হয়।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত দিল্লীৰ তাপমাত্ৰা আছিল ২.৭ ডিগ্ৰী চেলচিয়াছ।

ৰাজধানী চহৰ খনত এনেদৰে তাপমাত্ৰা নিম্নগামী হোৱাৰ ফলত বন্ধ হৈ পৰিছে বহু দোকান-পোহাৰ।কাৰ্যালয় আদিতো উপস্থিতিৰ হাৰ তেনেই সেৰেঙা হৈ পৰিছে।

ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰা দি দিল্লীত এতিয়া ক’ৰ’ণা ভাইৰাছে পুনৰ সংহাৰী ৰূপ ধাৰণ কৰা দেখা গৈছে।

মাজতে দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভালেখিনি কমি গৈছিল যদিও শীতৰ আগমণৰ লগে লগে পুনৰ দিল্লীত ক’ৰ’ণাই নতুন আতংকৰ সৃষ্টি কৰিছে। কালি ৰাজধানী চহৰ খনত তাপমাত্ৰা আছিল ৪.৪ ডিগ্ৰী চেলছিয়াচ। এতিয়ালৈকে চহৰ খনৰ কোনো ঠাইৰ পৰা শীত প্ৰৱাহত কোনো লোকৰ মৃত্যু ঘটাৰ বাতৰি অহা নাই।