স্বাস্থ্য বিভাগৰ প্ৰশিক্ষণত ভৰিৰ তলুৱাৰ পৰা অন্তৰ্ধান পকী মজিয়া
খহি পৰা মজিয়াখন। ছবি-- নৰ্থ ইষ্ট নাও।
দৰং জিলা পৰিয়াল কল্যাণ ব্যুৰ’ প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ এক প্ৰশিক্ষণ চলি থকা অৱস্থাতে হঠাতে ভৰি তলুৱাৰ পৰা পকী মজিয়া নোহোৱা হোৱাৰ ফলত বৃহস্পতিবাৰে আহত হৈছে নাৰ্চকে ধৰি ছগৰাকীকৈ স্বাস্থ্যকৰ্মী।
সৌভাগ্যক্ৰমে ঘটনাটোত কোনো স্বাস্থ্যকৰ্মীয়ে গুৰুতৰভাৱে আঘাত পোৱা নাই।
জিলা অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া প্ৰশান্ত গোস্বামীয়ে জনোৱা মতে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।
জানিব পৰা মতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে প্ৰশিক্ষণৰত স্বাস্থ্যকৰ্মীসকলৰ ভৰিৰ পৰা পকী মজিয়াখন খহি পৰে।
প্ৰায় ৩০ বৰ্গফুটজুৰি মজিয়াখন খহি পৰাৰ ফলত ভৱনটোত প্ৰায় ৫ ফুট দ এটা গাঁতৰ সৃষ্টি হৈছে।
স্বাস্থ্যকৰ্মীসকলে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য বিভাগৰ ছিটা সম্পৰ্কীয় এক দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাত ভাগ লৈছিল।