NORTHEAST NOW (Assamese)
অসম

স্বস্তি! অৱশেষত গ্ৰেপ্তাৰ হ’ল ম’ষ্ট ৱাণ্টেড অপৰাধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2021 6:55 pm
Colombia's most wanted drug lord Otoniel captured

কলম্বিয়াৰ আটাইতকৈ বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী আৰু দেশৰ সৰ্ববৃহৎ অপৰাধী দলটোৰ নেতাক বন্দী কৰা হৈছে।

শনিবাৰে সেনা, বায়ু সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ পিছত ডেইৰো এণ্টনিঅ’ উচোগা ওৰফে অটোনিয়েলক গ্ৰেপ্তাৰ কৰা হয়।

চৰকাৰে তেওঁৰ অৱস্থানৰ বিষয়ে তথ্য দিওঁতাৰ বাবে ৮০০,০০০ মাৰ্কিন ডলাৰ পুৰস্কাৰ আগবঢ়াইছিল, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁৰ মূৰত ৫ মিলিয়ন মাৰ্কিন ডলাৰৰ পুৰস্কাৰ ৰাখিছিল।

ৰাষ্ট্ৰপতি ইভান ডুকেই এটা টেলিভিছন ভিডিঅ’ বাৰ্তাত অটোনিয়েলক বন্দী কৰা দলটোৰ উচ্চ প্ৰশংসা কৰে।

“এই শতিকাত আমাৰ দেশত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এইটো আটাইতকৈ ডাঙৰ আঘাত। “এই আঘাতটো কেৱল ১৯৯০ ৰ দশকত পাবলো এস্কোবাৰৰ পতনৰ সৈতে তুলনীয়।”- তেওঁ কয়।

ওটোনিয়েলক উত্তৰ-পশ্চিম কলম্বিয়াৰ পানামাৰ সীমাৰ ওচৰত এণ্টিওকুয়া প্ৰদেশত থকা তেওঁৰ গ্ৰাম্য আস্তানাত বন্দী কৰা হয়।

অভিযানটোত ২২ খন হেলিকপ্টাৰৰ দ্বাৰা সমৰ্থিত ৫০০ জন সৈনিক জড়িত আছিল। এজন আৰক্ষী বিষয়া এই অভিযানৰ সময়ত নিহত হয়।

ওটোনিয়েলে গ্ৰাম্য সুৰক্ষিত ঘৰৰ এটা নেটৱৰ্ক ব্যৱহাৰ কৰি কৰ্তৃপক্ষৰ চকুত ধূলি দিছিল আৰু ফোন ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে যোগাযোগৰ বাবে কুৰিয়াৰৰ ওপৰত নিৰ্ভৰ কৰিছিল।

আৰক্ষী প্ৰধান জৰ্জ ভাৰ্গাছে কয় যে উপগ্ৰহৰ ছবি ব্যৱহাৰ কৰি ৫০ জনতকৈও অধিক চোৰাংচোৱা বিশেষজ্ঞৰ দ্বাৰা তেওঁৰ গতিবিধি বিচাৰি উলিওৱা হৈছিল। আমেৰিকা যুক্তৰাজ্য আৰু যুক্তৰাজ্যৰ সংস্থাসমূহো অনুসন্ধানত জড়িত আছিল।

শেহতীয়া এই দুধৰ্ষ অপৰাধীজনক বন্দী কৰিবলৈ কেইবাবাৰো সামৰিক অভিযান চলোৱা হৈছিল যদিও কৃতকাৰ্যতা লাভত বিফল হৈছিল।

অৱশেষত কালি গুটোনিয়েলক গ্ৰেপ্তাৰ কৰি বৃহৎ সফলতা লাভ কৰে দেশখনে।