NORTHEAST NOW (Assamese)

আলফা (স্বাঃ)ৰ বিস্ফোৰণৰ সফল তদন্তৰ পুৰস্কাৰ? গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক পদোন্নতি

May 29, 2019 7:20 am · অনিৰ্বাণ পাঠক
Updated: May 29, 2019 7:21 am
সংবাদ মাধ্যমক সম্বোধন কৰি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ।

গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰক ৰাজ্য চৰকাৰে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (বিশেষ শাখা)ৰ পদলৈ পদোন্নতি দিছে। গৃহ বিভাগৰ এটা সূত্ৰত এই কথা প্ৰকাশ। অৱশ্যে তেওঁ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হিচাপেও দায়িত্ব পালন কৰি যাব বুলি সূত্ৰটোৱে লগতে কয়।

দীপক কুমাৰে যোৱা ১৫ মে’ত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত আলফা (স্বাঃ)ই ঘটোৱা বোমা বিস্ফোৰণৰ তদন্তৰ দায়িত্ব লৈছিল আৰু দৃষ্টান্তমূলক সফলতা লাভ কৰিছিল। তেওঁ তৎপৰতাৰে ঘটনাটোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত কেইবাজনো অভাৰগ্ৰাউণ্ড আলফা সমৰ্থকক গ্ৰেপ্তাৰ কৰি পিছত মূল অভিযুক্ত আলফা কেডাৰ বিজয় অসমকো জালত পেলাবলৈ সক্ষম হৈছিল।

২০১৯ চনৰ পহিলা জানুৱাৰিৰ পৰাই গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত আয়ুক্ত হিচাপে কাৰ্য্যভাৰ লোৱা দীপক কুমাৰ ১৯৯৪ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া।

সূত্ৰটোৰ মতে, দীপক কুমাৰৰ লগতে আন এজন আৰক্ষী বিষয়া হৰমীত সিঙকো পদোন্নতি দিয়া হয়।

Related News