NORTHEAST NOW (Assamese)
অসম

জিম কৰোতে এনে ভুল বোৰ পৰিহাৰ কৰি চলক

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 23, 2022 3:50 pm
জিম কৰোতে এনে ভুল বোৰ পৰিহাৰ কৰি চলক

শেহতীয়াকৈ জিম কৰিবলৈ গৈ দেশত কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ মৃত্যু ঘটিছে। ৰাজু শ্ৰীবাস্তৱকে ধৰি আন বহু কেইজন লোকৰ জিম কৰিবলৈ গৈয়েই মৃত্যু ঘটিছে। জিম কৰোতে কৰা কেতবোৰ ভুল এৰাই চলিব পাৰিলে বিপদৰ আশংকা ভালে খিনি কমি যায়।

জিম আৰম্ভ কৰাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হ’ল যেতিয়া আপুনি অতি সক্ৰিয়ভাৱে জিম কৰা আৰম্ভ কৰিছিল, কিন্তু কেইদিনমান নেৰানেপেৰাকৈ জিম কৰি হঠাত জিম কৰা এৰি দিয়াটো। এনে কৰিলে বিপদৰ আশংকা ভালে খিনি বৃদ্ধি পায়। জিম কৰি থকাসকলে হঠাতে জিম কৰা বন্ধ কৰিব নালাগে বুলি বিশেষজ্ঞসকলে কৈ আহিছে।

জিমত একেদিনাই শৰীৰৰ উন্নতি কৰাৰ দৰে কোনো কথা নাই। কিয়নো আপোনাৰ শৰীৰৰ প্ৰকাৰ, আনুবংশিক বৈশিষ্ট্য, পুষ্টি, বিশ্ৰাম আৰু ব্যায়াম সকলোবোৰ আপোনৰ জীৱন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে সেইবাৰ কাৰকৰ বিষয়ে সজাগ নহৈ অত্যাধিক উৎসাহ আৰু আশাৰে জিম আৰম্ভ কৰাটো সঠিক নহয়। হাৰুকি মুৰাকামি এগৰাকী জাপানী লেখক। বিখ্যাত লেখক। তেওঁ এজন মাৰাথন দৌৰবিদ। প্ৰতিদিনে তেওঁ বহু দূৰ দৌৰিছিল।তেওঁ লিখিছিল “মই এতিয়া দীঘলীয়া দূৰত্ব দৌৰিবলৈ চেষ্টা কৰি থাকো, মই কিমান দ্ৰুতগতিত দৌৰিম সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া মই সেই দূৰত্ব অতিক্ৰম কৰিবলৈ যাওঁ, মই ধীৰ গতিত গৈছিলো নে দ্ৰুতগতিত গৈছিলো সেই বিষয়ে মই নাভাবো। কেতিয়াবা, যেতিয়া মই বিচাৰো, মই গতি বৃদ্ধি কৰি দ্ৰুতগতিত দৌৰো। তাৰ পিছত মই গতি হ্ৰাস কৰিলোঁ। যেতিয়া মই সম্পূৰ্ণ দুৰ্বল হওঁ তেতিয়া মই কেতিয়াও দৌৰ শেষ নকৰোঁ, মই এটা নিৰ্দিষ্ট ঠাইলৈ যাওঁ লাহে লাহে দৌৰ শেষ কৰোঁ। যাতে পিছদিনা এই জীৱনীশক্তিৰ পৰা ইয়াক পুনৰ আৰম্ভ কৰিব পাৰো। ‘

অৰ্থাৎ মনৰ শক্তিৰে দেহাই নক’লে জিম কৰাও অনুচিৎ। দেহৰ শক্তি অনুসৰিহে জিম কৰিব লাগে। যদি বুকুৰ বিষ বা আন শাৰীৰিক অসুস্থতা থাকে তেন্তে জিম নকৰাই ভাল।

সাধাৰণতে, জিম ৩০ -৫০ মিনিট কৰিব পাৰি। এয়াই যথেষ্ট সময় । সপ্তাহত তিনিৰ পৰা পাঁচ দিন এনেদৰে জিম কৰিব পাৰি। সেয়ে ইয়াতকৈ বেছি সময় জিম কৰা অনুচিৎ।বিশেষজ্ঞসকলৰ মতে, প্ৰতি পেশী গঠনৰ বাবে পাঁচ বা ছয়টা ব্যায়ামেই যথেষ্ট।

বহুতো লোকক ঘণ্টা ধৰি ব্যায়াম কৰা দেখা যায়। ইয়াৰ ফলত লাভতকৈ অধিক লোকচান হয়। অনে কৰিলে শাৰীৰিক আৰু মানসিকভাৱে লোক এজন দুৰ্বল হৈ পৰিব পাৰে। অত্যাধিক জিমে পেশীৰ ক্ষতি কৰিব আৰু দেহৰ কোনো বিকাশ নহ’ব।
গতিকে, প্ৰথমতে, লাহে লাহে জিম কৰা আৰম্ভ কৰক। অত্যাধিক উৎসাহেৰে জিম ৩০-৫০ মিনিটৰ বেছি সময় নকৰিব। ইয়াৰ ফলত কোনো লাভ নহ’ব, বিপদৰ আশংকাহে বৃদ্ধি পাব।