NORTHEAST NOW (Assamese)
ক্ৰীড়া

বাৰ্মিংহামত ভাৰতৰ দ্বিতীয়টো সফলতা: ভাৰোত্তোলনত ব্ৰঞ্জ জিনিলে গুৰুৰাজ পূজাৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 30, 2022 6:33 pm
Commonwealth Games 2022

দেশৰ ক্ৰীড়া জগতলৈ পুনৰ আহিছে আন এক সুখবৰ। বাৰ্মিংহাম কমনৱেলথ গেমছত পদক তালিকাত আন এটা পদক সন্নিৱিষ্ট কৰিলে ভাৰতে। এইবাৰ ভাৰোত্তোলনতে ব্ৰঞ্জ পদক কঢ়িয়াই আনিছে গুৰুৰাজ পূজাৰীয়ে।

ভাৰোত্তোলনৰ পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত গুৰুৰাজ পূজাৰীয়ে মুঠ ২৬৯ কিলোগ্ৰাম (১১৮+১৫১) উত্তোলন কৰি ব্ৰঞ্জ পদক অৰ্জন কৰিছে।

মালয়েছিয়াৰ ভাৰোত্তোলক আজনিল বিন বিদিন মুহাম্মাদে এই শাখাত ২৮৫ কিলোগ্ৰাম উত্তোলন কৰি স্বৰ্ণ জয় কৰাৰ লগতে নতুন কমনৱেলথ ৰেকৰ্ড স্থাপন কৰে।

আনহাতে পপুৱা নিউ গিনিৰ ভাৰোত্তোলক মৰিয়া বাৰোৱে মুঠ ২৭৩ কিলোগ্ৰাম উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰে।

উল্লেখ্য যে গুৰুৰাজ পূজাৰীৰ এই পদক বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ দ্বিতীয়টো পদক। ইয়াৰ পূৰ্বে সংকেত চাৰ্গাৰে পুৰুষৰ ৫৫ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি কমনৱেলথ গেমছত দেশৰ পদক জয়ৰ অভিযান মুকলি কৰিছিল।

নিজ ইভেণ্টত সংকেত চাৰ্গাৰে মুঠ ২৪৮ কিলোগ্ৰাম (স্নেচত ১১৩ কিলোগ্ৰাম, ক্লিন এণ্ড জাৰ্কত ১৩৫) ভাৰ উত্তোলন কৰি ৰূপৰ পদক অৰ্জন কৰিছিল।