NORTHEAST NOW (Assamese)
অসম

সৰুপথাৰৰ খৰাংপীড়িত অঞ্চললৈ ৰাজ্য চৰকাৰে দিয়া ক্ষতিপূৰণ স্থায়ী সমাধান নহয়,পৰিবেশকৰ্মীৰ প্ৰতিক্ৰিয়া

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 19, 2021 5:27 pm
gol

২০০০ চনৰ পৰাই গোলাঘাট জিলাৰ বহু অঞ্চল খৰাংৰ কৱলত পৰিছিল। তেনেক্ষেত্ৰত সৰুপথাৰৰ বৃ্হত্তৰ অঞ্চল খৰাংপীড়িত অঞ্চল ঘোষণা কৰা কেবিনেটৰ সিদ্ধান্তক মানি লব পৰা নাই একাংশ সচেতন লোকৰ লগতে অসমৰ সক্ৰিয় পৰিবেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।

কেবিনেটৰ সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে তিনি মন্ত্ৰী ক্ৰমে অজন্তা নেওগ, যোগেন মহন আৰু অশোক সিংঘলে সৰুপথাৰৰ কৰ্দৈগুৰি আৰু চিলনীজানৰ বৃ্হৎ অঞ্চল পৰিদৰ্শন কৰি প্ৰায় ৩৫ হাজাৰ বিঘা কৃষিভূমি থকা অঞ্চলক খৰাংপীড়িত অঞ্চল ঘোষণা কৰাৰ লগতে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছে।

এতিয়া প্ৰশ্ন উঠিছে যে কেৱল ক্ষতিপূৰণ দিলেই সমস্যাৰ সমাধান হ’ব জানো ? ইয়াৰ স্থায়ী সমাধানৰ দাবী তুলি  পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে কয় যে প্ৰতি বছৰে খৰাংৰ কৱলত পৰা গোলাঘাটৰ একাংশ অঞ্চলত পূৰ্বৰ পৰিবেশ ঘূৰাই আনিবলৈ হলে চৰকাৰে বনানিকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব।

বিশেষকৈ গোলকীয় উষ্ণতা , বনাঞ্চল ধ্বংসই গোলাঘাটৰ সমগ্ৰ পৰিবেশৰ ওপৰত বহু বছৰৰ পৰাই প্ৰভাৱ পেলাই আহিছে ।  দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, ডিফু সংৰক্ষিত বনাঞ্চল , ৰেংমা সংৰক্ষিত বনাঞ্চল আৰু দৈয়াং সংৰক্ষিত বনাঞ্চলৰ ওপৰত  যি ধ্বংস যজ্ঞ চলিছে তাৰ ফলশ্ৰুতিতেই  আজি গোলাঘাটৰ একাংশ অঞ্চল এনেকৈ খৰাংৰ কৱলত পৰিছে।

কৃষিৰ ক্ষেত্ৰত  চৰকাৰে আঁচনি লৈছে যদিও জলসিঞ্চনৰ যি আঁচনি সেইয়া কিমান দূৰ ফলপ্ৰসূ হৈছে তাত সন্দেহ আছে বুলিও উল্লেখ কৰে পৰিবেশকৰ্মীজনে। অকল গোলাঘাটেই নহয়  নগাওঁ ,যোৰহাটকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ জিলাত জলসিঞ্চনৰ দুৰ্নীতি হৈ আছে যাৰবাবে কৃষকে সদায়ই দুৰ্ভোগ ভুগি আছে বুলিও মন্তব্য কৰে পৰিবেশ কৰ্মীজনে।