NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুটৰ মৃত্যু; ছলমান খান, কৰণ জোহৰকে ধৰি ৮ গৰাকীৰ বিৰুদ্ধে গোচৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 17, 2020 3:33 pm
sushant-singh-wedding-1592142216

বলিউডৰ অভিনেতা সুশান্ত শিং ৰাজপুটৰ মৃত্যু সংক্ৰান্তত বিহাৰৰ এজন অধিবক্তাই বুধবাৰে স্থানীয় আদালতত ছুপাৰষ্টাৰ ছলমান খান আৰু প্ৰযোজক-পৰিচালক কৰণ জোহৰকে ধৰি ৮ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এটা ফৌজদাৰী গোচৰ দাখিল কৰিছে।

অহা ৩ জুলাইত আদালতে ইয়াৰ শুনানিৰ দিন ধাৰ্য্য কৰিছে।

সুধিৰ কুমাৰ ওজা নামৰ অধিবক্তা গৰাকীয়ে মুজাফৰপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল গোচৰত উক্ত ৮ গৰাকী ব্যক্তি সুশান্তক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি অভিযোগ কৰে।

তেওঁ অভিযোগ অনা আন কেইগৰাকী ব্যক্তি হৈছে আদিত্য চোপ্ৰা, ছাজিদ নাডিয়াদৱালা, সঞ্জয় লীলা ভাঞ্চালি, ভুষণ কুমাৰ, একটা কাপুৰ আৰু পৰিচালক দিনেশ।

অধিবক্তা গৰাকীৰ মতে এই লোকসকলে ষড়যন্ত্ৰ কৰি সুশান্তৰ চিনেমা ৰিলিজ হ’বলৈ নিদিয়াৰ লগতে তেওঁলোকৰ বাবেই প্ৰয়াত অভিনেতা গৰাকীক চিনেমাৰ অনুষ্ঠান সমূহলৈও আমন্ত্ৰণ নকৰা হৈছিল।

ওজাই কয় যে সুশান্তৰ মৃত্যুয়ে কেৱল বিহাৰৰে নহয় সমগ্ৰ দেশৰ লোকসকলৰ মনত গভীৰ দোষ দিছে।

ভাৰতীয় দণ্ডবিধিৰ ৩০৬, ১০৯, ৫০৪ আৰু ৫০৬ ধাৰাৰ অধীনত উক্ত গোচৰ দাখিল কৰা হৈছে আৰু বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক সাক্ষী হিচাপে লোৱা হৈছে তেওঁ লগতে কয়।

যোৱা ১৪ জুনত সুশান্ত সিং ৰাজপুটে মুম্বাইৰ বান্দ্ৰাত থকা তেওঁৰ ফ্লেটত আত্মহত্যা কৰিছিল।