NORTHEAST NOW (Assamese)

চূড়ান্ত NRC-ৰ সম্পূৰ্ণ তালিকা উপলব্ধ হ’ব ১৪ ছেপ্টেম্বৰত : কৰ্তৃপক্ষৰ ঘোষণা

September 10, 2019 5:13 pm · এন ই নাও নিউজ
Updated: September 10, 2019 5:14 pm
এন আৰ চিৰ ঘোষণাপত্ৰখন।

চূড়ান্ত এন আৰ চিৰ সম্পূৰ্ণ তালিকা অহা ১৪ ছেপ্টেম্বৰত প্ৰকাশ পাব আৰু এইটো কেৱল অনলাইনতহে উপলব্ধ হ’ব।

এন আৰ চি কৰ্তৃপক্ষই আজি এটা ঘোষণাৰ জৰিয়তে এই কথা স্পষ্ট কৰিছে।

এই সম্পূৰ্ণ তালিকাত দাবী আৰু আপত্তি প্ৰক্ৰিয়াটোৰ অন্তৰ্গত হওক অথবা নহওক, সেইটো নিৰ্বিশেষে সকলোৰে নাম চাব পৰা হ’ব।

যোৱা ৩১ আগষ্টত চূড়ান্ত তালিকা প্ৰকাশ পাইছিল যদিও কৰ্তৃপক্ষৰ মতে সেয়া অসম্পূৰ্ণ, পৰিপূৰক তালিকাহে (supplementary list) আছিল। বিশেষকৈ আৱেদন কৰিও চূড়ান্ত তালিকাত বাদ পৰাসকল আৰু দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ মাজত সোমাব লগীয়া সকলৰ তথ্যহে তাত প্ৰকাশ হৈছিল।

৭ ছেপ্টেম্বৰত সম্পূৰ্ণ পৰিয়ালৰ বা আটাইবোৰ সদস্যৰ নাম অনলাইনত চাব পৰা হ’ব বুলি এন আৰ চি কৰ্তৃপক্ষই ঘোষণা কৰিছিল যদিও সেয়া এতিয়ালৈকে সম্ভৱ হোৱা নাই।

এই লৈ নাগৰিকসকলৰ উৎসুকতা আৰু প্ৰশ্নৰ উত্তৰ হিচাপে এন আৰ চি কৰ্তৃপক্ষই অহা ১৪ ছেপ্টেম্বৰত পোৱা যাব বুলি আজি ঘোষণা কৰে।

আনহাতে এন আৰ চিৰ তালিকাৰ পৰা নাম বাদ পৰাসকলে তেওঁলোকৰ নাগৰিকত্ব অগ্ৰাহ্যকৰণৰ স্বাক্ষৰিত প্ৰতিলিপি কেতিয়া পাব বুলিও এন আৰ চি কৰ্তৃপক্ষই বিভিন্নজনৰ পৰা প্ৰশ্নৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।

কৰ্তৃপক্ষই জাননীটোত কৈছে যে যিহেতু শুনানিবোৰ নিজৰ নিজৰ এন এছ কে (NRC সেৱা কেন্দ্ৰ)ৰ পৰা আঁতৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছিল, গতিকে এন আৰ চিৰ দায়িত্বত থকা বিষয়াৰ দ্বাৰা জাৰি কৰা অৰ্ডাৰবোৰ সংগ্ৰহৰ কাম চলি আছে। এইবোৰ কেতিয়াকৈ দিব পৰা হ’ব সোনকালেই কৰ্তৃপক্ষই আন এটা ঘোষণাৰ জৰিয়তে জনাব। আজিৰ ঘোষণাটোত কোৱা হয়।

এই চূড়ান্ত এন আৰ চিৰ পৰা নাকচকৰণৰ স্বাক্ষৰিত প্ৰতিলিপি (certified copies of rejection) লাভ কৰিলেহে এজন লোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবৰ বাবে বিদেশী ন্যায়াধিকৰণৰ কাষ চাপিব পাৰিব।

যোৱা ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এন আৰ চিৰ তালিকাৰ পৰা মুঠ ১৯০৬৬৫৭গৰাকী আৱেদনকাৰীৰ নাম বাদ পৰিছিল।

এন আৰ চি কৰ্তৃপক্ষৰ তথ্য মতে মুঠ ৩.২৯ কোটি আৱেদনকাৰীৰ ভিতৰত ৩,১১,২১,০০৪ গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈছিল চূড়ান্ত এন আৰ চিত।

অসম আন্দোলনৰ পিছত কৰা অসম চুক্তি অনুসৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমৰ এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পন্ন হৈছিল।

Related News