NORTHEAST NOW (Assamese)
অসম

চিপিআই নেতা মুহি বৰুৱাৰ আদ্যশ্ৰাদ্ধ উপলক্ষে স্মৃতিচাৰণ সভা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 27, 2020 8:52 pm
Condolence meet held by CPI for party leader Muhi Barua

আজি শিৱসাগৰত বিশিষ্ট সমাজকৰ্মী, শ্ৰমিক নেতা তথা কমিউনিষ্ট নেতা কমৰেড মুহি বৰুৱাৰ পবিত্ৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷

আৰম্ভণিতে তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ জনাই পাৰ্টিৰ ৰক্ত পতাকা আৰু এ আই টি ইউ চি পতাকা অৰ্দ্ধনমিত কৰে ক্ৰমে পাৰ্টি জেষ্ঠ কমৰেড নৰেন বৰুৱা আৰু নিৰ্মাণ শ্ৰমিকৰ ইউনিয়নৰ জিলা নেতা নাথু দত্তই৷

বিজয় সন্দিকৈয়ে আঁত ধৰা সভাখনিত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী শিক্ষক বিপুল সন্দিকৈয়ে৷

চিপিআইৰ শিৱসাগৰ জিলাৰ সাধাৰণ সম্পাদক কনক গগৈয়ে কয়, ১৯৭২ চনত চিপিআইৰ সদস্যপদ গ্ৰহণ কৰি পাৰ্টিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আত্মনিয়োগ কৰা কমৰেড মুহি বৰুৱাৰ আজি পবিত্ৰ আদ্যশ্ৰাদ্ধ দিনটোত তেখেতক আমি সোঁৱৰিছো। এইগৰাকী একনিষ্ঠ সৎ আদৰ্শবান পাৰ্টিৰ সংগঠকক হেৰুৱাই আমি অতিকে মৰ্মাহত হৈছো। তেখেত দৰিদ্ৰৰ প্ৰকৃত বন্ধু আছিল। আনক সহায় কৰি সুখ অনুভৱ কৰিছিল। তেওঁৰ মৃত্যুত দলৰ  লগতে শ্ৰমজীৱি জনগণৰ অপূৰণীয় ক্ষতি হ’ল বুলি মন্তব্য কৰে।

সভাত চি পি আই নেতা ধৰ্ম বৰুৱাই কয় যে মুহি বৰুৱাৰ কাম কাজৰ গুণানুকীৰ্তন কৰাটো আজি সভাতে সম্ভৱ নহয় ৷ তেখেতে শোধনাগাৰ আন্দোলন , ভূমিহীন কৃষকৰ ভূমি দখল আন্দোলন , তৈলক্ষেত্ৰ নিলাম বিৰোধী আন্দোলন, অ’ এন জি চি ৰাজহুৱা খণ্ডত ৰক্ষা কৰা আন্দোলন আদিত অগ্ৰণী নেতৃত্ব বহন কৰিছিল৷

কমৰেড মুহি বৰুৱাৰ স্মৃতি চাৰণ সভাত সমাজকৰ্মী জিতেন বৰপাত্ৰগোঁহাই, সুশিল বৰুৱা, ৰংনাথ গগৈ, দুলাল দ্ত্ত , দূৰ্লভ বড়া , বিমল ভৰালী , প্ৰমোদ গগৈ ,ৰেখা গোস্বামী, প্ৰণোজ দত্ত,  বাসৱ বাস্তৱ বৰুৱা , মদন বৰুৱা , তিলক তামূলীয়, মুকুল নেওগৰ লগতে বহু ব্যক্তি উপস্থিত থকে।