NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ বিজেপি কাৰ্যালয়ত পৰ্যবেক্ষকৰ উপস্থিতিত ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 2, 2021 2:10 pm
bhaba

এইবাৰ গোলাঘাট সমষ্টিত নিৰ্বাচনী বাতাবৰণৰ ৰং যে ধূসৰ হৈ পৰিছে সেইকথা পুনৰবাৰ প্ৰমাণ হ’ল।

তিনিটা কালজুৰি কংগ্ৰেছৰ দখলত থকা সমষ্টিটো এইবাৰ বিজেপিৰ দখললৈ অহাৰ সম্ভাৱনা আছিল যদিও দলটোৰ তৃণমূল কৰ্মীসকলৰ অসন্তুষ্টিয়ে নিশ্চয়কৈ দলটোক বিমোৰত পেলাব।

বিশেষকৈ সমষ্টিটোত একালৰ কংগ্ৰেছী নেত্ৰী অজন্তা নেওগৰ বিজেপি আগমণৰ পিছতেই বিজেপি কৰ্মীসকলৰ মাজত দুটা ফৈদ হোৱা পৰিলক্ষিত হল ।

বিভিন্ন সময়ত দলীয় কৰ্মীসকলৰ মাজৰ সংঘাতৰ প্ৰতিফলন হৈ আহিছিল যদিও সোমবাৰে গোলাঘাটত বিজেপিৰ পৰ্যবেক্ষকৰ তীক্ষ্ণ পৰ্যবেক্ষণ প্ৰক্ৰিয়া চলি থকা মাজতে সন্ধিয়া জিলা বিজেপি কাৰ্যালয়ত বিজেপি কৰ্মী সকলৰ মাজত পুনৰবাৰ এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখা যায়।

জানিব পৰা মতে , গোলাঘাট ,সৰুপথাৰ আৰু দেৰগাওঁ বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীত্বক লৈ পৰ্যবেক্ষণ কৰিবলৈ অহা বিজেপিৰ পৰ্যবেক্ষকগৰাকী কালি সন্ধিয়াভাগত গোলাঘাট বিজেপি কাৰ্যালয়ত বিভিন্ন গৰাকী নেতা কৰ্মীৰ লগত আলোচনাত মিলিত হয় ।

যদিও আলোচনা চলি থকাৰ মাজতে সমষ্টিটোত ইতিপূৰ্বে দলীয় কৰ্মীসকলৰ মাজত ঘটি থকা অন্তৰ্কন্দলৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণ ৰূপে প্ৰতিফলন হোৱা দেখা যায়।

অৰ্থাৎ গোলাঘাট বিধানসভা সমষ্টিত নবিজেপি আৰু পুৰণি বিজেপিৰ সংঘাত যে ক্ৰমাৎ অধিক বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰে প্ৰমাণ হ’ল আজি কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ জয়ধ্বনিত ।

এফালে অজন্তা নেওগ আনফালে বিতুপণ শইকীয়া জিন্দাবাদ,তথা ভাৰত মাতা কি জয় ধ্বনিৰে মুখৰিত হল গোলাঘাট বিজেপি কাৰ্যালয়।

বিভিন্ন সময়ত বিজেপিৰ এই শক্তিশালী নেতাদ্বয়ে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰি আহিছিল যদিও এতিয়া সময়েহে কব অজন্তা নেওগ আৰু বিতুপন শইকীয়াৰ মাজত কোনজনে প্ৰকৃততে দলীয় টিকট লাভ কৰিব !