NORTHEAST NOW (Assamese)
Popular Stories

আপলৈ ধাৱমান কংগ্ৰেছ-বিজেপিৰ সদস্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 24, 2023 8:10 am

আম আদমি পাৰ্টীৰ নীতি-আদৰ্শ তথা কামৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ গুৱাহাটী মহানগৰৰ ৬০ গৰাকীতকৈও আধিক লোকে মঙলবাৰে আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত সভাপতি ডা৹ ভবেন চৌধুৰী আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত দলত যোগদান কৰে। বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা আপত যোগদান কৰাসকলৰ ভিতৰত সৰ্বাধিক মহিলা আছিল।

একেটা অনুষ্ঠানতে বেলতলা কলেজৰ সাধাৰণ সম্পাদক অবিনাশ শৰ্মায়ো অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টীত যোগদান কৰে।
উল্লেখ্য যে আপে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰতো সদস্য ভৰ্তিৰ অভিযান চলাই আছে। আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দলটোৱে সাংগঠনিক কাম-কাজ ত্বৰান্বিত কৰিছে।
যোৱা ২১ মে’ত গোলাঘাটত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকত দলটোৰ নিৰ্বাচনকেন্দ্ৰিক ৰণকৌশল ৰচনা কৰা হয়।

সভাপতি ডা৹ চৌধুৰীয়ে যুৱ-প্ৰজন্ম আৰু শিক্ষিত লোকসকলক ৰাজনীতিৰ পথাৰলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনাগত নিৰ্বাচনসমূহত যি সকল লোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনতে আশা পুহি ৰাখিছে, তেওঁলোকক আম আদমি পাৰ্টীৰ পৰা এই সুযোগ ল’বলৈও তেওঁ আহ্বান জনায়