NORTHEAST NOW (Assamese)

কংগ্ৰেছ আৰু বিজেপিৰ ৫টা প্ৰতিশ্ৰুতি; যিয়ে অসমত সলনি কৰি দিব পাৰে সমীকৰণ

March 31, 2026 6:38 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:44 am

এপ্ৰিল বিধানসভা নিৰ্বাচনৰ মাহ। আৰু এসপ্তাহৰ পাছত অসমৰ ৰাইজে ভোট দিব। অহা ৯ এপ্ৰিলত অসমত অনুষ্ঠিত হ’ব ভোটদান। অসমত মূল যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত। এফালে গৌৰৱ গগৈৰ কংগ্ৰেছ, আনফালে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি। দুয়োটা দলে একাধিক প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিছে।

ভোটাৰক আকৰ্ষণ কৰিবলৈ কংগ্ৰেছ আৰু বিজেপিয়ে কি কি প্ৰতিশ্ৰুতি দিছে চাওঁ আহক?

বিজেপিৰ প্ৰতিশ্ৰুতি

অনুপ্ৰৱেশকাৰী বহিষ্কাৰ: ১৯৫০ চনৰ আইন কাৰ্যকৰী কৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ণ কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে গেৰুৱা শিবিৰে। বলপূৰ্বকভাৱে বেদখল কৰা ভূমি উদ্ধাৰ কৰি ‘মিছন বসুন্ধৰা’ৰ জৰিয়তে প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ’ব বুলি কোৱা হৈছে।

ইউনিফৰ্ম চিভিল কোড (ইউচিচি): ষষ্ঠ অনুসূচিত এলেকা আৰু জনজাতীয় লোকক বাদ দি ৰাজ্যত ইউচিচি প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে বিজেপিয়ে।

াখপতি বাইদেউ প্ৰকল্প: ৪৪ লাখ ‘লাখপতি বাইদেউ’ সৃষ্টিৰ লক্ষ্যৰে মহিলাসকলক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে।

৫ লাখ কোটি টকাৰ বিনিয়োগঃ অসমক ভাৰতৰ ‘পূবৰ দুৱাৰ’ হিচাপে গঢ়ি তোলাৰ বাবে ৫ লাখ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অষ্টম দৰমহা আয়োগঃ পুনৰ ক্ষমতালৈ আহিলে চৰকাৰী কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে।

কংগ্ৰেছৰ মূল প্ৰতিশ্ৰুতিসমূহ

মহিলাৰ বাবে নগদ ভাট্টাঃ কংগ্ৰেছে যদি ক্ষমতালৈ আহে তেন্তে বেংকত সকলো মহিলালৈ ‘চৰ্তহীন’ মাহিলী নগদ ধন প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰিও ব্যৱসায় আৰম্ভ কৰিবলৈ ৫০ হাজাৰ টকা পৰ্যন্ত অনুদান দিয়া হ’ব।

২৫ লাখ টকাৰ স্বাস্থ্য বীমাঃ ৰাজস্থান আৰু কৰ্ণাটকৰ আৰ্হিত প্ৰতিটো পৰিয়ালৰ বাবে ২৫ লাখ টকাৰ নগদবিহীন (কেছলেছ) স্বাস্থ্য বীমা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে মল্লিকাৰ্জুন খাৰ্গে।

জুবিন গাৰ্গ গোচৰৰ বিচাৰঃ চৰকাৰ গঠনৰ ১০০ দিনৰ ভিতৰত শিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত গোচৰৰ বিচাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

জ্যেষ্ঠ নাগৰিকৰ বাবে পেঞ্চনঃ জ্যেষ্ঠ নাগৰিকৰ বাবে মাহিলী ১২৫০ টকা পেঞ্চন আৰু তেওঁলোকৰ কল্যাণৰ বাবে সুকীয়া মন্ত্ৰালয় গঠনৰ প্ৰস্তাৱ দিয়া হৈছে।

জনজাতীয় লোকৰ ভূমিৰ অধিকাৰঃ প্ৰায় ১০ লাখ ভূমিপুত্ৰৰ অস্থায়ী ভূমি পট্টাক স্থায়ী বা ‘ম্যাদী’ পট্টালৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছে।

এতিয়া অসমৰ জনসাধাৰণে এই প্ৰতিশ্ৰুতিসমূহৰ প্ৰতি কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া অহা ৯ এপ্ৰিলত ভোটৰ বাকচত প্ৰতিফলিত হ’ব। এই প্ৰতিশ্ৰুতিসমূহক ভোটাৰসকলে গুৰুত্বসহকাৰে বিবেচনা কৰিলে নিৰ্বাচনী সমীকৰণ সলনি হোৱাৰো সম্ভাৱনা অৱশ্যেই নুই কৰিব নোৱাৰি।

Related News