NORTHEAST NOW (Assamese)

সুৰা ট্ৰেজেডি: ৰিপুন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ মুখ্য মন্ত্ৰী, আবকাৰী আৰু বিত্ত মন্ত্ৰীৰ পুত্তলিকা দাহ

March 2, 2019 9:13 am · উত্তম শইকীয়া
Updated: March 2, 2019 9:17 am
বোকাখাতত কংগ্ৰেছৰ মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু আবকাৰী মন্ত্ৰীৰ পুত্তলিকা দাহ। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গোলাঘাটৰ চুলাই মদৰ ঘটনাৰ পটভূমিত বোকাখাততো কংগ্ৰেছ দলে শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত বোকাখাতৰ কংগ্ৰেছ ভৱনৰ পৰা সমদল কৰি আহি দলটোৰ সদস্য সকলে বোকাখাত চাৰি আলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

চুলাই মদ সেৱন কৰি গোলাঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিকৰো অধিক চাহ শ্ৰমিক মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিবাদতেই দলটোৱে এই প্ৰতিবাদী সাব্যস্ত কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিবাদী কাৰ্যসুচীত তেওঁলোকে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আৱকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্যৰ পদত্যাগৰ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্য  আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে।

প্ৰতিবাদৰ সময়ত বিজেপি গ’বেক, সৰ্বানন্দ সোনোৱাল গ’বেক, আবকাৰী মন্ত্ৰী গ’বেক, মূৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল কৰাৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথো অৱৰোধ কৰে।

Related News