NORTHEAST NOW (Assamese)
অসম

মুখলজ্জা বচোৱাৰ চেষ্টা কংগ্ৰেছৰ : চোৰাং চিকাৰীৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ; উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ

Posted by: এন ই নাও নিউজ November 17, 2018 6:26 pm
Untitled-1 copy (12)

গঁড় চিকাৰত অভিযুক্ত এজন লোকক পঞ্চায়তৰ সভাপতিৰ পদৰ বাবে প্ৰাৰ্থিত্ব দি পিছত চাৰিওফালৰ পৰা অহা ধিক্কাৰত তৰণি হেৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছে মুখলজ্জা বচোৱাৰ শেষ চেষ্টা কৰিছে। আজি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটীয়ে জানিবলৈ দিয়ে যে দলে ছোৱাগুৰি পঞ্চায়তৰ সভাপতি হিচাপে টিকট দিয়া দিলৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এই সন্দৰ্ভত জিলা কমিটীয়ে প্ৰাৰ্থীজনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনাই জিলাৰ উপায়ুক্তলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।

দলৰ সূত্ৰই কয় যে প্ৰাৰ্থীজন গঁড় হত্যাত জড়িত বুলি অভিযোগ পোৱাৰ পিছতে প্ৰদেশ কংগ্রেছৰ সভাপতি শ্ৰীৰিপুণ বৰাৰ নিৰ্দেশ অনুসৰি প্ৰাথমিক তদন্ত কৰি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা হৈছে।

আনহাতে উপায়ুক্তলৈ প্ৰেৰণ কৰা পত্ৰখনত বিশ্বনাথ জিলা কমিটীয়ে লিখিছে, “পঞ্চায়ত সভাপতি পদৰ বাবে দিলৱাৰ হুছেইনৰ নামটো অনুমোদন জনোৱা হৈছিল যদিও আমি জানিব পাৰিছো যে তেওঁ ২০১১ চনৰ গঁড় চিকাৰী কেছৰ লগত জড়িত আছিল।”

তাৰোপৰি কমিটীয়ে কয়, “আইন মতে, আইনী বিচাৰ চলি থকা অৱস্থাত এজন প্ৰাৰ্থীয়ে তেওঁৰ প্ৰাৰ্থিত্ব আগ বঢ়াব পাৰে যদিও, কংগ্ৰেছ দলৰ স্বচ্ছতা ৰক্ষাৰ স্বাৰ্থত আমি তেওঁৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছো।”

উল্লেখযোগ্য যে অগপ দলে বোকাখাতৰ ধনশিৰি মুখ গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে কাজিৰঙাৰ এজন গঁড় চিকাৰীক টিকট দিছিল। ইয়াৰ দুদিন পিছতে কংগ্ৰেছ দলটোৱেও অগপৰ পদাংক অনুকৰণ কৰি বিশ্বনাথ জিলাৰ ছোৱাগুৰি পঞ্চায়তৰ সভাপতি পদত দিলৱাৰ হুছেইন নামৰ এজন চোৰাং চিকাৰীক প্ৰাৰ্থিত্ব দিয়ে।

Bishwanath Congress
বিশ্বনাথ কংগ্ৰেছে উপায়ুক্তলৈ লিখা পত্ৰখন।

কথাটোক লৈ ৰাজ্যত ব্যাপক চৰ্চা আৰু সমালোচনাৰ জোৱাৰ উঠে। ছ’চিয়েল মিডিয়াতো তীব্ৰ ভৰ্ৎসনা দেখিবলৈ পোৱা যায়। এনে বিৰূপ প্ৰতিক্ৰিয়াৰ পিছতে আজি কংগ্ৰেছে দিলৱাৰ হুছেইনৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে। কিন্ত ইতিমধ্যে দিলৱাৰ হুছেইনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিছে।

মন কৰিব লগীয়া যে বিশ্বনাথ জিলা প্ৰথম পৰ্য্যায়ত নিৰ্বাচন হ’ব। গতিকে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সীমা ইতিমধ্যে পাৰ হৈছে। যদি প্ৰাৰ্থীজনৰ মনোনয়ন পত্ৰ কংগ্ৰেছ দলৰ অনুৰোধ ৰাখি উপায়ুক্তই প্ৰত্যাহাৰ কৰে, তেন্তে পঞ্চায়ত সমষ্টিটোত সভাপতি পদৰ প্ৰাৰ্থী নাথাকিব কংগ্ৰেছৰ।