NORTHEAST NOW (Assamese)
অসম

ৰাইজৰ নেতা! চতুৰ্থবাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী বিজয়ী

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 3, 2021 7:15 am
Screenshot_2021-05-02-18-45-39_1

সদ্য ঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফলত যোৰহাট জিলাৰ ১০১ নং মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী চতুৰ্থ বাৰৰ বাবে জয়ী হয় ৷

ইতিমধ্যে আনুষ্ঠানিক ঘোষণা কৰা মৰিয়নী সমষ্টিটোত আকৰ্ষণীয় হৈ পৰিছিল নিৰ্বাচনী যুঁজখন।

বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীয়ে দ্বিতীয়ৰ পৰা সপ্তমত ৰাউণ্ডলৈ প্ৰায় ৬২৩৩ হাজাৰ ভোটত অগ্ৰগতি লাভ কৰে যদিও অন্তিম ১৩ নম্বৰ ৰাউণ্ডৰ অন্তত ২২৫৩ টা ভোটত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অগ্ৰগতি লাভ কৰি নিজৰ বিজয় নিশ্চিত কৰে।

সমষ্টিটোৰ ১লাখ ২২ হাজাৰ ১২৮ জন ভোটাৰৰ ভিতৰত ভোটদান হৈছিল ৯৬,৭৯১টা ভোট। ভোটদানৰ হাৰ আছিল ৭৮.৫৫শতাংশ।

আনহাতে, বিজেপি প্ৰাৰ্থী ৰমনী তাঁতীয়ে ১৩ নম্বৰ ৰাউণ্ডৰ অন্তত ৪৪৫২৫ হাজাৰ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ তিনিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সৰ্বমুঠ ৪৬,৭৭৮ টা ভোট লাভ কৰে।