NORTHEAST NOW (Assamese)

সহস্ৰাধিক সমৰ্থকক লগত লৈ আমিনগাঁৱত মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ

April 1, 2019 5:30 pm · অনিৰ্বাণ পাঠক
মনোনয়ন পত্ৰ দাখিলৰ সময়ত কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই আজি বিশাল দলীয় সমৰ্থকক লগত লৈ আমিনগাঁৱস্থিত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, দিচপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক অকন বৰাকে ধৰি কংগ্ৰেছৰ কেইবাগৰাকীও আগশাৰীৰ নেতা-কৰ্মী।

আনহাতে, মনোনয়ন পত্ৰ দাখিলৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত শৰ্মাই গুৱাহাটী সমষ্টিত বিজেপিয়ে তেওঁক বিশাল ব্যৱধানত পৰাস্ত কৰিব বুলি কৰা মন্তব্যৰ উত্তৰত সেই সিদ্ধান্ত গুৱাহাটী সমষ্টিবাসী ৰাইজে নিৰ্বাচনৰ সময়ত ল’ব বুলি কয়।

কংগ্রেছৰ দলীয় সমৰ্থক আমিনগাঁৱত

তদুপৰি, সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কুইন ওজাই তেওঁক সৰু ভগ্নী হিচাপে ভাবে বুলি কোৱাৰ বিপৰীতে শৰ্মাই ওজাক মাতৃ জ্ঞান কৰে বুলি মন্তব্য কৰে।

সংসদলৈ যাবৰ বাবে শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই বুলি কুইন ওজাই কৰা মন্তব্যৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে প্ৰতিগৰাকী নাৰীৰ বাবে শিক্ষা আটাইতকৈ প্ৰয়োজনীয় দিশ বুলি অভিহিত কৰি বিজেপি প্ৰাৰ্থীৰ মন্তব্যই তেওঁক দুখ দিয়া বুলি কয়।

ওজাৰ মন্তব্যই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বেটী বচাও, বেটী পঢ়াও’ অভিযানৰো বিৰোধিতা কৰিলে বুলি ববিতা শৰ্মাই সমালোচনা কৰি সেয়া প্ৰাৰ্থীগৰাকীৰ ব্যক্তিগত মতামত বুলি কয়।

Related News