NORTHEAST NOW (Assamese)
অসম

এইবাৰ পশ্চিমবংগত কোভিডে কাঢ়ি নিলে কংগ্ৰেছৰ আন এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীৰ প্ৰাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 1:22 pm
congresscandida

কালান্তক ৰূপ ধাৰণ কৰি সমগ্ৰ দেশতে কোভিডে সংহাৰ অব্যাহত  ৰাখিছে।

শেহতীয়াকৈ তামিলনাডুত এগৰাকী কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থীৰ কোভিডত মৃত্যু ঘটাৰ পিছত এইবাৰ পশ্চিমবংগত কোভিডে কাঢ়ি নিলে আন এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰাণ।

মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ৰেজাউল হকৰ  বৃহস্পতিবাৰে  পুৱা প্ৰায় ৫ বজাত কোভিডত আক্ৰান্ত হৈ মৃত্যু ঘটে।

কলকাতাৰ এখন চিকিৎসালয়ত মৃত্যু ঘটে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী গৰাকীৰ ।

পশ্চিমবংগ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰোহন মিত্ৰই টুইটাৰত এই দুঃখবৰটো প্ৰকাশ কৰিছে।

উল্লেখ্য কিছুদিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল তামিলনাডুৰ শ্ৰীভিল্লিপুথুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাৱে।

গুৰুতৰ ভাবে অসুস্থ হৈ পৰা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক কিছুদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল মাদুৰাইৰ এপ’ল’ হস্পিতালত।কোভিডত আক্ৰান্ত ৰাও নিউমোনিয়াত আক্ৰান্ত হৈ পৰিছিল আৰু উশাহ লোৱাত কষ্ট পাইছিল।

সেয়ে তেওঁক আইচিইউলৈ স্থনান্তৰিত কৰা হৈছিল।

কিন্তু চিকিৎসকৰ সকলো চেষ্টা ব্যৰ্থ কৰি মাধৱ ৰাওৰ দেওবাৰে মৃত্যু ঘটে ।

মৃত্যুৰ সময়ত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বয়স হৈছিল ৬৩ বছৰ।

উল্লেখ্য যোৱা ৬ এপ্ৰিলত তামিলনাডুৰ ভিল্লিপুথুৰ সমষ্টিৰ ভোটগ্ৰহণ সম্পন্ন হৈছে।

নিৰ্বাচনৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাও আৰু ৰেজাউল  হকৰ মৃত্যু ঘটাত  শোকত ভাগি পৰিছে দলীয় সমৰ্থকৰ লগতে আন লোকসকল।

অহা ২৬ এপ্ৰিলত ৰেজাউল কৰিমে প্ৰতিদ্বন্দ্বিতা কৰা চামছেৰগঞ্জ সমষ্টিত ভোটগ্ৰহণ হ’ব।