NORTHEAST NOW (Assamese)
অসম

দলীয় টিকট লাভ কৰাৰ পাছত কি ক’লে কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে?

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 7, 2021 1:13 pm
Roselina and Bishmita

৯৪ নং সৰুপথাৰ বিধানসভা সমষ্টিত আৰু ৯৬ নং খুমটাই বিধানসভা সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৰজ’লিনা তিৰ্কী আৰু বিস্মিতা গগৈয়ে তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

সৰুপথাৰ সমষ্টিত পুনৰ ৰ’জলিনা তিৰ্কীক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰে বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে।

আগন্তুক নিৰ্বাচনত উন্নয়নে মূল ইচ্ছ্যু হব  বুলি জানিবলৈ দিয়ে ৰ’জলিনা তিৰ্কীয়ে।

সৰুপথাৰ সমষ্টিত ৰ’জলিনা তিৰ্কীয়ে পুনৰ নিৰ্বাচিত হব বুলি উল্লেখ কৰি লগতে অসমত মহাজোঁটে  চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে  বিধায়িকা ৰ’জলিনা তিৰ্কীয়ে।

আনহাতে, খুমটাই সমষ্টিৰ পৰা প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ জয়ী হ’ব বুলি ১০০ শতাংশই নিশ্চিত।

আগন্তুক নিৰ্বাচনত  খুমটাই সমষ্টিৰ পৰা নিৰ্বাচিত হ’লে খুমটাই সমষ্টিত শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে বিস্মিতা গগৈয়ে।