NORTHEAST NOW (Assamese)
দেশ

ভাৰত জোড়ো যাত্ৰা সামৰণি অনুষ্ঠানত যোগ দিয়াৰ আহ্বানেৰে বিৰোধীৰ ২১ টা দলৰ সভাপতিলৈ পত্ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2023 8:38 pm
Bharat Jodo Yatra

চাৰি মাহ অতিক্ৰম কৰি যোৱা ৰাহুল গান্ধীৰ নেতৃত্বত চলিত ভাৰত জোড়ো যাত্ৰা প্ৰায় সমাপ্তিৰ দিশে আগবাঢ়িছে। ৮ ছেপ্টেম্বৰত আৰম্ভ হোৱা এই পদযাত্ৰা ৩০ জানুৱাৰীত কাশ্মীৰৰ শ্ৰীনগৰত সামৰণি পৰিব।

যাত্ৰাৰ সময়ত বিপুল জনসমৰ্থনৰ লগতে বিৰোধীৰ সমৰ্থনো লাভ কৰিছে কংগ্ৰেছ। গতিকে ৩০ জানুৱাৰীত শ্ৰীনগৰত অনুষ্ঠিত ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত যোগদানৰ বাবে দেশৰ ২১ টা বিৰোধী দলৰ সভাপতিক আমন্ত্ৰণ জনাইছে কংগ্ৰেছে।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই পত্ৰ যোগে বিৰোধী দলসমূহৰ সভাপতিসকলক ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে।

এই সন্দৰ্ভত খৰ্গেই কয়, “যাত্ৰাৰ আৰম্ভণিৰে পৰা আমি সহমত পোষণ কৰা প্ৰতিগৰাকী ভাৰতীয়ক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছো। ৰাহুল গান্ধীৰ আমন্ত্ৰণত কেইবাটাও ৰাজনৈতিক দলৰ সাংসদেও বিভিন্ন পৰ্যায়ত এই যাত্ৰাত যোগ দিছে।”

“মই এতিয়া আপোনালোকক ৩০ জানুৱাৰীত দুপৰীয়া শ্ৰীনগৰত অনুষ্ঠিত হ’বলগীয়া ভাৰত জোড়ো যাত্ৰাৰ সামৰণি অনুষ্ঠানত ব্যক্তিগতভাৱে যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।’-মল্লিকাৰ্জুন খৰ্গেই লগতে কয়।

তেওঁ লগতে কয়, “ঘৃণা আৰু হিংসাৰ মতাদৰ্শৰ বিৰুদ্ধে অক্লান্ত সংগ্ৰামত ৩০ জানুৱাৰীতে প্ৰাণ হেৰুওৱা মহাত্মা গান্ধীৰ স্মৃতিত এই অনুষ্ঠানটো উচৰ্গা কৰা হৈছে।”

পত্ৰখনত কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে লগতে এই যাত্ৰাই বিৰোধীৰ কণ্ঠক দেশৰ জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰাত সহায় কৰিছে বুলিও দাবী কৰে।

“এই সময়ত যেতিয়া সংসদ আৰু সংবাদ মাধ্যমত বিৰোধীৰ কণ্ঠ দমন কৰা হৈছে, তেনে সময়তে যাত্ৰাই লাখ লাখ লোকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছে।”— খৰ্গেই কয়।