NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ৰ ষ্ট্ৰং ৰূমৰ চিচিটিভিত বন্দী হোৱা কোন এই অদৃশ্য মানৱ! : হেক কৰা হৈছে নেকি ইভিএম?

Posted by: অভীক চক্ৰৱৰ্তী Updated by: অভীক চক্ৰৱৰ্তী April 2, 2021 4:09 pm
Congress

ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত কোনো লোক প্ৰৱেশ কৰাৰ বিস্ফোৰক দাবী উত্থাপন কৰিছে জিলা কংগ্ৰেছ কমিটিয়ে।

ইভিএম ৰখা ষ্ট্ৰং ৰূমত যোৱা ৩১ মাৰ্চত কোনো লোক প্ৰৱেশ কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ অভিযোগ অনুসৰি লোহোৱাল বিধানসভা সমষ্টিৰ ইভিএমসমূহ থোৱা ষ্ট্ৰং ৰূমটোত ৩১ মাৰ্চৰ নিশা এজন লোকৰ ছাঁ চিচিটিভি কেমেৰাত বন্দী হৈছে। ষ্ট্ৰং ৰূমটোৰ ৬ নং চিচিটিভি কেমেৰাত এই ছাঁটো স্পষ্টৰূপত বন্দী হৈ আছে।

কংগ্ৰেছৰ এই অভিযোগৰ পিছতে ষ্ট্ৰং ৰূমসমূহৰ নিৰাপত্তাৰ দিশটোকলৈ জিলাখনত সৃষ্টি হৈছে সংশয়ৰ। কোনো লোক উপস্থিত নোহোৱাকৈ কেনেকৈ এটা চিচিটিভি কেমেৰাত এজন মানুহৰ ছাঁ বন্দী হৈ ৰ’ল তাকে লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত।

অৱশ্যে চিচিটিভিত কোনো লোকৰ ছাঁৰ অৱস্থিতি ধৰা পৰিলেও বিৰোধী ৰাজনৈতিক দলসমূহে এতিয়াও ইভিএম হেক কৰা বুলি অভিযোগ উত্থাপন কৰা নাই।

আনহাতে জিলা কংগ্ৰেছৰ অভিযোগৰ পিছতে জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাই ষ্ট্ৰং ৰূমত গৈ উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে।

ইয়াৰ পিছতে জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ৬ নং চিচিটিভি কেমেৰাত বন্দী হোৱা কোঠাটোত কোনো ইভিএম নাই। উক্ত কোঠাটোত নিৰ্বাচনৰ অন্যান্য নথি পত্ৰহে ৰখা হৈছে। কিন্তু চিচিটিভিত বন্দী হোৱা অদৃশ্য মানুহৰ ছাঁৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে মন্তব্য কৰাৰ পৰা ৰহস্যজনকভাৱে বিৰত থাকে।

জিলা উপায়ুক্তগৰাকীৰ ভাষ্য কিমান আশ্বস্তপূৰ্ণ বা এই ভাষ্যৰ পিছত বিৰোধী ৰাজনৈতিক দলসমূহৰ প্ৰতিক্ৰিয়া কি হ’ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে যোৱা ২৭ মাৰ্চত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত সাতটা বিধানসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত ডিব্ৰুগড় নগৰৰ মাজ মজিয়াৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ইভিএমসহ নিৰ্বাচনৰ অন্যান্য নথিপত্ৰসমূহ মজুত ৰখা হৈছে।