NORTHEAST NOW (Assamese)
অসম

নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ; কাইলৈ ঘটনাস্থলীলৈ কংগ্ৰেছৰ সঁজাতি দল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 8, 2021 7:37 pm
Two-f

যোৰহাটৰ নিমাতীঘাটত হোৱা নাও দুৰ্ঘটনাৰ এক উচিত তদন্ত বিচাৰিছে প্ৰদেশ কংগ্ৰেছে ।

এই দুৰ্ঘটনাৰ ফলত সৃষ্ট পৰিস্থিতিৰ চাক্ষুস বুজ ল’বলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত বিধায়ক বসন্ত দাস আৰু ভাস্কৰ বৰুৱা, গোলাঘাট জিলাৰ সভাপতি দাদু টায়ে আৰু মাজুলী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি দধি ৰাম বৰুৱাক দ্বায়িত্ব ন্যস্ত কৰিছে।

কাইলৈ ৰাতিপুৱা প্ৰতিনিধি দলটোৱে উক্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’ব।

দলৰ সভাপতি ভূপেন বৰাই যুদ্ধকালীন ভাৱে উদ্ধাৰ কাৰ্য্য সম্পাদন কৰি দুৰ্ঘটনাগ্ৰস্ত সকলক সহায় কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই লগতে সমগ্ৰ ঘটনাৰ এক তদন্ত কৰিবলৈ দাবী জনায়।