NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ সেনাৰ দ্বাৰা নিৰীহ লোকৰ হত্যাকাণ্ডক ‘ক’লা দিন’ হিচাপে অভিহিত গৌৰৱ গগৈৰ

December 6, 2021 2:43 pm · এন ই নাও নিউজ, গুৱাহাটী

লোকসভাৰ শীতকালীন অধিৱেশনত আজি নাগালেণ্ডৰ অসামৰিক লোকৰ হত্যাকাণ্ডক ৰাজ্যখনৰ ইতিহাসত ‘ক’লা দিন’ বুলি অভিহিত কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লগতে এই হত্যাকাণ্ডৰ বাবে চোৰাংচোৱাৰ ব্যৰ্থতাক দোষাৰোপ কৰে গগৈয়ে।

তেওঁ কয়, “সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ নিৰস্ত্ৰ নাগৰিকসকলৰ এটা গোটক কট্টৰ উগ্ৰপন্থীৰ সৈতে সাঙুৰি পেলোৱা হ’ল!”

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ঘটনা সন্দৰ্ভত বিবৃতি দিবলৈ আৰু হত্যাকাণ্ডৰ বলি হোৱা শ্ৰমিকৰ পৰিয়ালৰ বাবে অনুদান ঘোষণা কৰিবলৈও আহ্বান জনায়।

উল্লেখ্য যে আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৫ জনকৈ নিৰীহলোকৰ মৃত্যুৰ পাছত নাগালেণ্ডত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই নৃশংস হত্যাকাণ্ডৰ বাবে গৃহ মন্ত্ৰালয়ক জবাবদিহি কৰিছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সংসদৰ দুয়োখন সদনত নাগালেণ্ড বৰ্বৰ ঘটনা সন্দৰ্ভত এক বিবৃতি দিব বুলি আশা কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ অধিৱেশনৰ পূৰ্বে শ্বাহ আৰু জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়।

Related News