NORTHEAST NOW (Assamese)
দেশ

কংগ্ৰেছে ঘোষণা কৰিলে ‘ভাৰত জৌৰৌ যাত্ৰা’: ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দেশজোৰা কাৰ্যসূচী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 22, 2022 8:11 pm
Bharat Jodo Yatra

ভাৰতীয় জাতীয় কংগ্ৰেছে আজি দিল্লীত অনুষ্ঠিত হোৱা এক বিশেষ সন্মিলনত ঘোষণা কৰিছে ‘ভাৰত জৌড়ৌ যাত্ৰা’ কাৰ্যসূচীৰ। অহা ৭ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ এই যাত্ৰা আৰম্ভ কৰিব দেশৰ প্ৰধান বিৰোধী দলটোৱে।

পাঁচ মাহ জোৰা এই যাত্ৰাৰ প্ৰতি সমৰ্থনৰ লক্ষ্যৰে আজি দেশৰ বিভিন্ন প্ৰান্তৰ নাগৰিক সমাজৰ গোটবোৰৰ সৈতে মিলিত হয় কংগ্ৰেছ নেতৃত্ব।

ভাৰতৰ ১৫০ ৰো অধিক নাগৰিক সমাজ সংগঠন আৰু ইউনিয়নৰ প্ৰতিনিধিৰ উপস্থিতিত আজি এক ৰাষ্ট্ৰীয় সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছে।

সন্মিলনখনত উপস্থিত থকা প্ৰতিনিধিসকলে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈ ‘ভাৰত জৌড়ৌ যাত্ৰা’ৰ প্ৰতি সঁহাৰি প্ৰকাশ কৰে।

অংশগ্ৰহণকাৰী প্ৰতিটো সংগঠনে এই যাত্ৰাৰ সিদ্ধান্তক আদৰণি জনায় আৰু যাত্ৰাৰ সৈতে জড়িত হ’বলৈ ইচ্ছা প্ৰকাশ কৰে।

সন্মিলনখনত বিভিন্ন নাগৰিক সমাজ গোট, জন আন্দোলন আৰু জনসাধাৰণৰ বৃহত্তৰ অংশগ্ৰহণৰ বাবে অনাগত সময়ত এখন আবেদন জাৰী কৰাৰ সিদ্ধান্ত লোৱা হয়।

এই সন্মিলনত কংগ্ৰেছৰ হৈ ৰাহুল গান্ধী, দিগ্বিজয় সিং, জয়ৰাম ৰমেশসহ আন কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰি যাত্ৰা সম্পৰ্কীয় বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰে।

অৰুণা ৰয়, চায়েদা হামিদ, শাৰদ বেহাৰ, পি ভি ৰাজগোপাল, বেজৱাড়া উইলচন, দেৱনুৰা মহাদেৱ, জি এন দেৱী আৰু যোগেন্দ্ৰ যাদৱকে ধৰি নাগৰিক সমাজৰ কেইবাগৰাকী সমাজ কৰ্মীয়ে এই সন্মিলনখনৰ আহ্বান কৰিছিল।

আনহাতে অসম নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰি অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক তথা লেখক পৰেশ মালাকাৰ এই সন্মিলনত উপস্থিত থাকে।