NORTHEAST NOW (Assamese)
অসম

‘গাদ্দাৰ’ হিমন্ত! পৱন খেৰাৰ দাবী, মধ্যপ্ৰদেশৰ ‘মামা’ৰ গতিয়েই গতি হ’ব অসমৰ ’মামা’ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 6, 2024 6:13 pm
Himanta Biswa Sarma Pawan Khera

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন গাদ্দাৰ। কংগ্ৰেছক বিশ্বাসঘাতকতা কৰা হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীৰ যে বিশ্বাসী হৈ থাকিব, সেয়া কেনেকৈ আশা কৰিব পাৰি! এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই।

গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীক্ষ্ণ সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, ‘আমি তেওঁক গাদ্দাৰ হিচাপে গণ্য কৰোঁ। যিজন ব্যক্তি আমাৰ প্ৰতি আনুগত্যশীল নাছিল, তেওঁ বিজেপিৰ প্ৰতি আনুগত্যশীল কেনেকৈ হ’ব?”

তেওঁ লগতে আন এক বিশেষ মন্তব্যৰে কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক। “তেওঁ নিজকে অসমৰ মামা বুলি কয়। মধ্যপ্ৰদেশৰ আন এজন মামা আছিল শিৱৰাজ চৌহান। তেওঁৰ কি হ’ল? একেই ভাগ্যই অপেক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মালৈ।”- মন্তব্য পৱন খেৰাৰ।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে আন এক বিস্ফোৰক দাবীও কৰিছে। তেওঁৰ দাবী, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰে। বিজেপি পৰাজিত হ’লে তেওঁ ক’লৈ যাব, হিমন্তৰ সেই আশংকা আছে বুলি দাবী কৰে খেৰাই।

অৱশ্যে কংগ্ৰেছে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক আদৰি নলয় বুলিও তেওঁ নিশ্চিতি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত মিছা কথা কোৱাৰ অভ্যাস গঢ়ি তুলিছে আৰু প্ৰতাৰণাৰ দিশত প্ৰধানমন্ত্ৰী মোদীকো চেৰ পেলাবলৈ চেষ্টা কৰিছে বুলি তেওঁ কটাক্ষ কৰে।

খেৰাই লগতে বহু বিজেপি নেতা কংগ্ৰেছৰ সৈতে যোগাযোগত আছে বুলিও আন এক দাবী কৰে। আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছৰে পৰা দলটোৰ বহু নেতাই কংগ্ৰেছৰ সৈতে যোগাযোগ কৰা বুলি তেওঁ কয়।