NORTHEAST NOW (Assamese)
Popular Stories

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2021 7:17 pm
অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমত দলীয় প্ৰচাৰত অংশ লোৱা কংগ্ৰেছৰ সহঃ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে মঙলবাৰে দলটোৰ পাঁচটা প্ৰতিশ্ৰুতি প্ৰদান কৰে।

প্ৰতিশ্ৰুতিকেইটা হৈছে- নাগৰিকত্ব সংশোধনী আইন বাতিল, পাঁচ লাখ চৰকাৰী চাকৰি, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৬৫ টকালৈ বৃদ্ধি, প্ৰতিটো ঘৰলৈ ২০০ ইউনিটছ ফ্ৰী ইলেক্ট্ৰিচিটি আৰু গৃহিণীসকলৰ বাবে মাহিলী ২,০০০ টকা প্ৰদান।

প্ৰিয়ংকা গান্ধীয়ে কয় যে অসমৰ জনতা পাঁচ বছৰ পূৰ্বে ২৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা এটা দলৰ পৰা বঞ্চনাৰ সমুখীন হৈছে।

কংগ্ৰেছ দলে মিছা প্ৰতিশ্ৰুতি প্ৰদান নকৰে বুলিও তেওঁ কয়।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই প্ৰতিশ্ৰুতিসমূহৰ ব্যাখ্যা দাঙি কৰে।

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে অসমৰ জনতাৰ মতামত অনুযায়ী পাঁচোটা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে।

সাংসদ গৌৰৱ গগৈয়ে বিজেপিয়ে প্ৰদান কৰা ২৫ লাখ চাকৰিৰ প্ৰতিশ্ৰুতিৰ সলনি পাঁচ লাখ চৰকাৰী চাকৰিৰ প্ৰতিশ্ৰুতি সৎ আৰু বাস্তৱমুখী বুলি অভিহিত কৰিছে।