NORTHEAST NOW (Assamese)
অসম

পঞ্চায়ত নিৰ্বাচনক লৈ প্রদেশ কংগ্রেছৰ বৈঠক : প্ৰত্যাৱৰ্তনৰ পথৰ সন্ধান!

Posted by: এন ই নাও নিউজ October 26, 2018 10:13 am
25-10-18 Guwahati- congress lok samprak abhijan (1)

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে নিজকে সাজু কৰি তোলাৰ বাবে তৎপৰ হৈছে। চলিত বৰ্ষৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বৃহস্পতিবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

ৰাজীৱ ভৱনত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, দলৰ জ্যেষ্ঠ নেতা ডাঃ ভূমিধৰ বৰ্মনকে ধৰি দলৰ কেইবাজনো বিধায়কসহ ৰাজ্যিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে।

বৈঠকত কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীসকলৰ নৱেম্বৰ মাহৰ ভিতৰত বাছনি চূড়ান্ত কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সেইদৰে অহা ৫ নৱেম্বৰৰ ভিতৰত ৱাৰ্ড সদস্য, ৭ নৱেম্বৰৰ ভিতৰত গাঁও পঞ্চায়তৰ কাউন্সিলৰ আৰু সভাপতি পদৰ প্ৰাৰ্থীসমূহ বাছনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

একেদৰে, ১৪ নৱেম্বৰৰ ভিতৰত কংগ্ৰেছৰ জিলা পৰিষদৰ প্ৰাৰ্থীসকলক বাছনি কৰা হ’ব। আনহাতে, প্ৰতিখন জিলা কংগ্ৰেছ কমিটীক এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ পৰা নিৰ্দেশনা দিয়া হৈছে।

প্ৰদেশ কংগ্ৰেছৰ উক্ত বৈঠকত লোক সম্পৰ্ক অভিযান সন্দৰ্ভতো বিতং আলোচনা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে জনমত সৃষ্টিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।