NORTHEAST NOW (Assamese)
অসম

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2025 9:42 am

ৰাহুল গান্ধী বা মল্লিকাৰ্জুন খাৰ্গেই যেতিয়া বিৰোধী দলবোৰৰ বৈঠক আহ্বান কৰে তেতিয়া বহুসময়ত বিফল হোৱা দেখা যায়। বিগত কেইটামান ক্ষেত্ৰত এই কথা দেখা গৈছে। সেয়ে এইবাৰ ছোনিয়া গান্ধীয়ে নিজেই বিৰোধীক একত্ৰিত কৰাৰ বাবে  উদ্যোগ লৈছে।

অহা ২১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশন ১২ আগষ্টলৈকে চলিব। অধিৱেশনত বিৰোধীয়ে কোনবোৰ বিষয়ত একেলগে মাত মাতিব পাৰে সেই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ ছোনিয়াই ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অংশীদাৰসকলৰ বৈঠক আহ্বান কৰিছে।

বাজেট অধিৱেশনৰ পিছৰে পৰা দেশত বহু ঘটনা ঘটিছে। ইয়াৰে অন্যতম উল্লেখযোগ্য হৈছে পেহেলগাম আক্ৰমণ। প্ৰতিশোধৰত ভাৰতীয় সেনাই পাকিস্তানক শিক্ষা দিছে যদিও বিৰোধীৰ মতামত যে মোডী চৰকাৰে পাকিস্তান অধিকৃত কাশ্মীৰ কাঢ়ি লোৱাৰ এক সোণালী সুযোগ হেৰুৱাইছে।

ভাৰতে কিয় হঠাৎ যুদ্ধবিৰতিৰ বাবে সন্মতি দিলে? কিয় লুকুৱাই ৰখা হৈছে সেনাৰ ক্ষয়ক্ষতিৰ তথ্য? কিয় প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠক আহ্বান কৰি সকলো কথা প্ৰকাশ কৰা নাই? লগতে পেহেলগাম আক্ৰমণৰ সন্দৰ্ভত সংসদৰ বিশেষ অধিৱেশনতো সন্মতি নিদিলে।

তদুপৰি, বিহাৰত ভোটাৰ তালিকা শুদ্ধ কৰাৰ নামত পৰোক্ষভাৱে এন আৰ চিৰ ষড়যন্ত্ৰ, মোডী চৰকাৰৰ ১১ বছৰৰ পাছতো দেশৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নতি নোহোৱাৰ লগতে মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ সমাধানত মোডীৰ ব্যৰ্থতা তথা আছে লোকপিয়লৰ প্ৰসংগও। সেয়ে সংসদত নৰেন্দ্ৰ মোডীক কেনেকৈ তুলাধূনা কৰিব পাৰি সেই লক্ষ্যৰে ছোনিয়াই বিৰোধীৰ বৈঠক আহ্বান কৰিছে।

ছোনিয়া গান্ধীৰ সৈতে সকলো দলৰ সু-সম্পৰ্ক আছে। সকলোৱে তেওঁক সন্মান কৰে। সেয়ে কংগ্ৰেছৰ মতে তেওঁ বৈঠক মাতিলে কোনেও তেওঁক আওকাণ কৰিব নোৱাৰে। ছোনিয়া গান্ধীয়ে বিচাৰে মোডীক তীব্ৰ আক্ৰমণ কৰা হওক। কিন্তু ইচ্ছ্যুবোৰ যাতে এৰি দিয়া নহয়। সেয়েহে বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইণ্ডিয়া মিত্ৰজোঁটক প্ৰকৃততে একত্ৰিত কৰাৰ উদ্যোগ লৈছে ছোনিয়া গান্ধীয়ে।