বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ সমৰ্থনত উঠি-পৰি লাগিল কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

বৰাক উপত্যকাত অসমীয়া বিদ্বেষ জগাই তুলিবলৈ আপ্ৰাণ চেষ্টা চলাই ব্যৰ্থ হোৱা বিতৰ্কিত বাঙালী নেতাৰ এতিয়া স্থান শিলচৰ কাৰাগাৰ।
বিতৰ্কিত বাঙালী নেতাগৰাকীয়ে প্ৰশাসনক হুংকাৰ দি অসমীয়া বেনাৰ আঁতৰাবলৈ নিৰ্দেশ দিয়াৰ লগতে তেওঁৰে প্ৰৰোচনাত শিলচৰত অসমীয়া ভাষাৰ চৰকাৰী বেনাৰ ফালি পেলাইছিল একাংশ দুৰ্বৃত্তই।
কিন্তু সেইগৰাকী বিতৰ্কিত বাঙালী নেতাৰ পক্ষত থিয় দিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰকায়স্থ।
বিধায়ক পুৰকায়স্থই প্ৰদীপ দত্ত ৰয়ে গণতন্ত্ৰৰ পৰিধিৰ ভিতৰত থাকি প্ৰতিবাদ কৰা বুলি দাবী কৰি লগতে কয় ‘বাঙালী ভাষাৰ কাৰণে মাত মাতোতে তেওঁক জেইলত ভৰাই দিলে। বিজেপি চৰকাৰৰ দিনত হিটলাৰী শাসন চলিছে নেকি? বৰাকত যদি নিজৰ অধিকাৰ বাঙালী ভাষাক লৈ কথা কয় তেন্তে তেওঁ ক’ব পাৰে।
কমলাক্ষৰ উদ্ভট প্ৰশ্ন ‘এনেকুৱা হ’ব পাৰে নেকি বাঙালী হৈ মতাৰ বাবে প্ৰদীপ দত্ত ৰয়ক বিষ খুৱাই মাৰি দিব?’
ইপিনে, প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বেও বহুখিনি ঘটনা হৈছিল বুলি দাবী কৰি কমলাক্ষই কয় ‘ বাঙালীক মাৰিম কাটিম বুলিও বহুতে কৈছিল। যদি প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ লগোৱা হয় তেন্তে আগৰ খিনিৰ বিৰুদ্ধে কিয় লগোৱা হোৱা নাই?’
‘যিহেতু আদালতলৈ বিষয়টো গ’ল গতিকে আৰক্ষীয়ে তেওঁ দেশদ্ৰোহী হয় নে নাই প্ৰমাণ কৰিব লাগিব। তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ লগোৱাৰ কিমান যুক্তি-যুক্ততা আছে নাজানো।‘ কমলাক্ষ দে’ই এইদৰে কয়।
অসম চৰকাৰলৈ হুংকাৰ দি কমলাক্ষই আৰু কয় ‘অসম চৰকাৰে তেওঁ কি দেশদ্ৰোহীতা কৰিছে প্ৰমাণ কৰক, অন্যথা তেওঁক মিছাকৈ হাৰাশাস্তি দিব নোৱাৰিব।‘
কমলাক্ষ দে’ৰ মতে ‘ভাষা আইন মতেই বৰাকত যিখিনি বেনাৰ-পোষ্টাৰ লগাব সেইখিনি বাঙালীতে হ’ব।
যদি সেই আইনৰ ভিত্তিতে প্ৰদীপ দত্ত ৰয়ে অসমীয়া বেনাৰ আঁতৰাই দিবলৈ কৈ দেশদ্ৰোহিতাৰ আইনৰ আওতালৈ আহে তেন্তে মই নাজানো ঘটনাটো কি?’ ইয়াৰোপৰি, মুখ্যমন্ত্ৰীয়ে ৰামৰাজ্য প্ৰতিষ্ঠা কৰাৰ পূৰ্বে ৰাজধৰ্ম পালন কৰিবলৈ কমলাক্ষই আহ্বান জনায়।
ইপিনে, অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতিৰ দায়িত্বত থাকি বৰাকৰ বিতৰ্কিত বাঙালী নেতাৰ সমৰ্থনত মন্তব্য কৰাৰ পাছতে এতিয়া শ’লঠেকত পৰিছে প্ৰদেশ কংগ্ৰেছ।
পুনৰ এবাৰ যেন অসমীয়া খিলঞ্জীয়া লোকৰ বিৰুদ্ধে স্থিতি লোৱা মন্তব্য শুনা গ’ল কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতিৰ মুখৰ পৰা।বাতৰি লিখা সময়লৈকে এই বক্তব্য কংগ্ৰেছ দলৰ বক্তব্য নে বিধায়কগৰাকীৰ নিজা বক্তব্য সেয়া কোনো স্পষ্ট কৰা নাই কংগ্ৰেছৰ নেতৃত্বই।