NORTHEAST NOW (Assamese)

চাহ বাগিচাৰ বিদ্যালয়ত কিতাপৰ যোগান নাই; চৰ্দাৰলৈ জিঅ’ ম’বাইল ৰাজনৈতিক চমকহে : ৰূপজ্যোতি কুৰ্মী

October 26, 2018 7:49 pm · এন ই নাও নিউজ
সংবাদ মাধ্যমক সম্বোধন কৰি মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী।

ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে হঠাতে চাহ শ্ৰমিকসকলৰ বাবে কিছুমান আঁচনি ঘোষণা কৰাটোক এটা ৰাজনৈতিক চমক আখ্যা দিছে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

কুৰ্মীয়ে আজি সংবাদ মাধ্যমৰ আগত কয় যে চাহ বাগিচাৰ অঞ্চলৰ বিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰীয়ে কিতাপ পোৱা নাই, অথচ চৰ্দাৰলৈ বিনামূলীয়া ম’বাইল উপহাৰ দিয়ে চৰকাৰে।

“আজিকালি ঠেলাৱালা আৰু ফুচকাৱালাৰ হাততো ফ’ন আছে, চৰ্দাৰক ম’বাইল দিবলৈ ওলোৱাটো এটা নিৰ্বাচনী টোপ। ম’বাইল নহয়, সময়ত কিতাপ দিয়ক যাতে চাহ বাগিচা অঞ্চলৰ জনসাধাৰণৰ উন্নতি হয়।” এইদৰে কয় বিধায়ক কুৰ্মীয়ে।

আনহাতে তেওঁ বিজেপি দল আৰু চৰকাৰক আক্ৰমণ কৰি কয়, “বিজেপিয়ে চাহ জনগোষ্ঠীৰ তিনিজনকৈ বিধায়ক থকাৰ পিছতো এজনকো কেবিনেট মন্ত্ৰীৰ পদ নিদিলে।”

“দুলীয়াজানৰ বিধায়ক হোৱা সত্ত্বেও তেৰছ গোৱালাক কিয় দিয়া নহ’ল অসম গেছ কোম্পানীৰ অধ্যক্ষৰ পদ? তাৰ পৰিৱৰ্তে বলীন চেতিয়াক দিয়া হ’ল কিয়? ইয়াৰ পৰাই প্ৰমাণ হয় চাহ জনগোষ্ঠীৰ বিধায়কক গুৰুত্ব নিদিয়ে সোণোৱাল চৰকাৰে”, এই প্ৰশ্ন বিধায়ক কুৰ্মীৰ।

Related News