NORTHEAST NOW (Assamese)

ৰাজ্যসভা নিৰ্বাচনত দলীয় নিৰ্দেশনা অমান্য; কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক ছিদ্দিক আহমেদ

March 31, 2022 4:44 pm · কল্পজোতি শইকীয়া, গুৱাহাটী

কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছে বিধায়ক ছিদ্দিক আহমেদক। দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক ছিদ্দিক আহমেদ।

আহমেদক কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰাও নিলম্বন কৰা হৈছে।

আহমেদৰ বিৰুদ্ধে কংগ্ৰেছৰ মুখ্য সচেতক ৱাজেদ আলি চৌধুৰীয়ে ৰাজ্যসভাৰ নিৰ্বাচন সম্পৰ্কত জাৰি কৰা “থ্ৰী লাইন হুইপ” ভংগ কৰাৰ অভিযোগ উঠিছিল।

 

 

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আহমেদে ইচ্ছাকৃতভাৱে দলীয় নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপন কৰে।

ছিদ্দিক আহমেদে ‘1’সংখ্যাটো ONE বুলি আখৰৰে লিখিছিল যাৰ বাবে আহমেদৰ ভোট কৰ্তন হয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আহমেদৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে।

Related News