NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ একমাত্ৰ বিকল্প দল কংগ্ৰেছ; হাফপেন্ট বিতৰ্কত কি মন্তব্য সাংসদ গৌৰৱ গগৈৰ?

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন September 20, 2021 2:42 pm
IMG_20210920_140853

গোলাঘাটত আজি  দুটা বেচৰকাৰী সংগঠন SWISS RE আৰু FARM TO FOOD  উদ্যোগত সাংসদ গৌৰৱ গগৈয়ে চাহ বাগিচাৰ তিনিগৰাকী ছাত্ৰীলৈ আগবঢ়াই  বিত্তীয় সাহায্য।

বিত্তীয় সাহাৰ্য অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে প্ৰতিটো সমষ্টিত কংগ্ৰেছ দলে অকলেই নিৰ্বাচন খেলাটো বিচাৰে কংগ্ৰেছৰ কাৰ্যকৰ্তাসকলে। কাৰ্য্যকৰ্তাৰ এই কথা হাইকামাণ্ডক জনোৱা হ’ব। হাইকামাণ্ডে যি সিদ্ধান্ত লয় সেইমতেই হ’ব।

কিন্তু গৌৰৱ গগৈয়ে সদায় বিচাৰে যে বিৰোধী দল একগোট হওক। এতিয়াও বিৰোধী একগোট হ’লে কোনো আপত্তি নাই। কিন্তু ছিট চেয়াৰিং কিয়? সকলোৱেই গম পালে যে আটাইতকৈ সক্ৰিয় আৰু বিকল্প দল হ’ল কংগ্ৰেছ দল।

বিজেপিক দুৰ্বল কৰিম বুলি যদি কোনোবা আঞ্চলিক দলে ভাবিছে তেন্তে কংগ্ৰেছক সহায় কৰক। কাৰণ যোৱা নিৰ্বাচনত থাওৰাত কংগ্ৰেছ দলহে জিকিছে। এই মন্তব্য কলিয়াবৰৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ।

সাংসদ গৰাকীয়ে লগতে কয় যে আঞ্চলিক দলে নিজে তেওঁলোকৰ কথা আৰু ব্যৱহাৰৰ ওপৰত আত্মবিশ্লেষণ কৰাটো প্ৰয়োজন। আঞ্চলিক দলৰ কথা আৰু কামৰ মিল নাই। তেওঁলোকৰ কথা আৰু কামত পাৰ্থক্য আছে।

এতিয়া বিজেপিৰ বিকল্প এটাহে দল আছে সেইয়া হ’ল কংগ্ৰেছ দল বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে।

মৰিয়নি আৰু থাওৰা সমষ্টিত ভাল প্ৰাৰ্থীৰ অভাৱ নাই বুলি উল্লেখ কৰি গগৈয়ে কয় যে সমষ্টি দুটাৰ ৰাইজে সিদ্ধান্ত ল’ব এজন জনপ্ৰতিনিধিৰ ব্যৱহাৰ কেনে হোৱা উচিত।

হাফপেন্ট বিতৰ্ক সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয় যে একৈশ শতিকাৰ এই দিনত ল’ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য হ’ব নালাগে। ছাত্ৰৰ ক্ষেত্ৰত যি নিয়ম আছে ছাত্ৰীৰ ওপৰতো একেই নিয়ম থাকিব লাগে বুলি তেওঁ নিজৰ মত ব্যক্ত কৰে।