NORTHEAST NOW (Assamese)
অসম

অসমত কা-বিৰোধী প্ৰতিবাদৰ সময়ত হোৱা মৃত্যুৰ তদন্ত বিচাৰিলে সাংসদ গৌৰৱ গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 15, 2020 9:44 am
Gaurav-Gogoi-750x375

সাংসদ তথা লোকসভাত কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে কেন্দ্ৰক অসমত নাগৰিকত্ব সংশোধনী আইন(কা)ৰ প্ৰতিবাদৰ সময়ত পাঁচগৰাকী যুৱকৰ মৃত্যুৰ ঘটনাৰ এক ন্যায়িক তদন্তৰ দাবী কৰিছে।

লোকসভাত নিয়মাৱলী ৩৭৭ৰ অধীনত এক জাননীৰ জৰিয়তে গগৈয়ে সোমবাৰে কয় যে অসমত কা-ৰ বিৰুদ্ধে স্বত:স্ফূৰ্তভাৱে হোৱা আন্দোলনৰ সময়ত আৰক্ষীৰ গুলীত ক্ৰমে ছেম ষ্টেফ’ৰ্ড, দিপাঞ্জল দাস, আব্দুল আলিম, ইশ্বৰ নায়ক আৰু দ্বিজেন্দ্ৰ পাংগিনৰ মৃত্যু হৈছিল।

অসমৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গগৈয়ে কয় যে অসমৰ জনসাধাৰণে কা মানি নলয় কিয়নো ই অসম চুক্তি উলংঘা কৰিছে আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক (এন আৰ চি) অৰ্থহীন কৰি তুলিছে।

তদুপৰি, আইনখন অসাংবিধানিক কিয়নো ই সংবিধানৰ বুনিয়াদী গাঁথনি উলংঘা কৰিছে তথা অনুচ্ছেদ ১৪ আৰু ২১ৰ বিৰুদ্ধে গৈছে।