NORTHEAST NOW (Assamese)
অসম

মাজুলীত কংগ্ৰেছৰ গণ বিক্ষোভ; গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুসহ ৭০জন কংগ্ৰেছী

Posted by: মিটু খাটনিয়াৰ September 14, 2018 9:30 pm
Majuli congress protest

প্ৰেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছে আজি মাজুলীত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি মাজুলীৰ ৰাজপথ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে কলা ধন অাৰু সুৰা সম্ৰাট বিজয় মাল্যৰ অন্তৰ্ধানত বিজেপিৰো ভূমিকা আছে বুলি অভিযোগ কৰে।

প্ৰতিবাদকাৰী সকলে মাজুলীৰ জেংৰাইমুখৰ ৰাজপথত নৰেন্দ্ৰ মোদী, প্ৰেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান অাৰু বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে নৰেন্দ্ৰ মোদী গ’বেক, বিজেপি হায় হায়, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ আদি ধ্বনিৰে চৌদিশ উত্তাল কৰি তোলে।  ইয়াৰ মাজতে অাৰক্ষী অাৰু শ শ প্ৰতিবাদকাৰীৰ মাজত হতাহতি ।

আনহাতে, প্ৰতিবাদস্থলীত কংগ্ৰেছ কৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি লগাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। মহিলা আৰক্ষীৰ গাত হাত দিয়াৰ অভিযোগত আৰক্ষীয়ে অসমৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুসহ ৭০ গৰাকী কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি জেংৰাইমুখ আৰক্ষী থানালৈ লৈ যায়।