NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰী: বৰপেটাত কংগ্ৰেছৰ বিক্ষোভ কাৰ্যসূচী

February 1, 2022 5:49 pm · পুলেন্দ্ৰ দাস, বৰপেটা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ভূমি কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি এইবাৰ বৰপেটাৰ ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছ দল৷

অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত বৰপেটা জিলা কংগ্ৰেছ দলে আজি ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী৷

বৰপেটা ৰাজীৱ ভৱনৰ পৰা সমদল কৰি আহি বৰপেটাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হয় কংগ্ৰেছ নেতা কৰ্মী সকলে৷

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদকাৰী কংগ্ৰেছ সদস্য সকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে ভূমি কেলেংকাৰী সংঘটিত কৰা বুলি উল্লেখ কৰি ইয়াৰ উচিত তদন্তৰ দাবী জনায় কংগ্ৰেছ দলে৷

ইয়াৰ পিছতে জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ এই কাৰ্যসূচীত বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আব্দুৰ ৰহিম খানৰ লগতে কংগ্ৰেছৰ বহু নেতা কৰ্মী উপস্থিত থাকে৷

Related News