NORTHEAST NOW (Assamese)
অসম

ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ধৰ্ণা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2024 8:18 pm
ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ ধৰ্ণা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী

ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰা আৰু কংগ্ৰেছ নেতা, সাংসদ ৰাহুল গান্ধী ডাঙৰীয়াৰ গাড়ীত আক্ৰমণ চলোৱাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাক শাৰীৰিকভাৱে আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

বিয়লি ৩ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সভাখনত সভাপতিত্ব কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়াই। সভাত উদ্দেশ্য ব্যাখ্য কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা মেহদী আলম বৰাই। ইয়াৰ পূৰ্বে দিনৰ আঢ়ৈ বজাৰ পৰা ৰাজীৱ ভৱনত এক ধৰ্ণা কাৰ্যসূচী পালন কৰা হয়।

হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, ভাৰত জোড়ো ন্যায় যাত্ৰা বন্ধ কৰা নচলিব, ভূপেন বৰাক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে কংগ্ৰেছ নেতা-কৰ্মীয়ে ৰাজীৱ ভৱন উত্তাল কৰি তোলে। আধা ঘণ্টা জোৰা ধৰ্ণা কাৰ্যসূচীৰ পিছত প্ৰতিবাদী সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা হাফিজ ৰছিদ আহমদ চৌধুৰীয়ে কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে বিজেপি চৰকাৰে কৰা অন্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পৰামৰ্শ আগবঢ়ায়।

জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰাক্তন সাংসদ বলীন কুলী, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠকাুৰ, মহিলা কংগ্ৰেছৰ কেন্দ্ৰীয় সমন্বয়ক শাদৱ জাফৰ, প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মা প্ৰমুখ্যে কেবাজনো জ্যেষ্ঠ কংগ্ৰেছ নেতাই প্ৰতিবাদী সভাত বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

ইয়াৰ পূৰ্বে অনুষ্ঠিত ধৰ্ণা কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি মাধুৰ্য গোস্বামীয়েও বক্তব্য আগবঢ়ায়। উপ-সভাপতি নৱ তালুকদাৰ, সাধাৰণ সম্পাদক আনোৱাৰ আহমেদকে ধৰি বহুসংখ্যক জ্যেষ্ঠ কংগ্ৰেছী নেতাই আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে।